/asomiyapratidin/media/media_files/2025/02/09/XzMSQUYQcX7AhCLyoWcC.jpg)
ডিজিটেল সংবাদ,কামপুৰঃ মধ্য অসমৰ নগাঁও জিলাৰ কচুৱাত আজিৰে পৰা আৰম্ভ হৈছে মুছলমান ধৰ্মাৱলম্বী লোকৰ ইস্তেমা । ইতিমধ্যেই বিগত দুটা মাহ ধৰি কচুৱাৰ ইস্তেমাস্থলীত অসংখ্য লোকে শ্ৰমদান কৰি সম্পূৰ্ণ কৰি তুলিছে ইস্তেমাৰ আটকধুনীয়া পৰিৱেশ ।
আজিৰে পৰা ১১ ফেব্ৰুৱাৰীলৈ কচুৱাত অনুষ্ঠিত হ’ব এই বিশাল ইস্তেমা । মধ্য অসমৰ ৯ খনকৈ জিলাক সামৰি অনুষ্ঠিত হ’ব এই ইস্তেমা । লাখ লাখ ইছলাম ধৰ্মাৱলম্বী লোকৰ উপস্থিতিত বিশ্ব শান্তিৰ কামনাৰে ১১ ফেব্ৰুৱাৰীত পুৱা অনুষ্ঠিত হ’ব বৃহৎ দোৱা অনুষ্ঠান।
উল্লেখযোগ্য যে, ইস্তেমাত অংশগ্ৰহণ কৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকে অঞ্চলটোত ভিৰ কৰা পৰিলক্ষিত হৈছে ।