ধুবুৰীত ১৬৩ (১) নং ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি

পথ অৱৰোধ কৰা, শোভাযাত্রা, সমাবেশ, সভা-সমিতি, ধর্ণা, ধর্মঘট আদি অনুষ্ঠিত কৰা,পোষ্টাৰ লগোৱা, দেৱাল লিখন, প্রতিমূর্তি দাহ কৰা, টায়াৰ জ্বলোৱা আদিও সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ধুবুৰীঃ  ধুবুৰী জিলাত জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশনা। ধুবুৰী জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশে জিলা খনত জাৰি কৰিছে ১৬৩(১) ধাৰা। সেই মতে জিলাখনত ৫ জনতকৈ অধিক লোক কোনো ৰাজহুৱা স্থানত সমবেত হ'ব নোৱাৰিব।

Advertisment

ৰাজহুৱা শান্তি-সম্প্রীতি বিঘ্নিত হোৱাৰ আশংকা কৰি আৰু ৰাইজৰ জীৱন আৰু সা-সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰ বাবে ধুবুৰী জিলা দণ্ডাধীশে যোৱা ১৯ জুলাইত এক আদেশ যোগে সমগ্র ধুবুৰী জিলাতে প্রযোজ্য হোৱা কৈ  ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা, ২০২৩ ৰ ১৬৩ (১) নং ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

সেই মতে যি কোনো ৰাজহুৱা স্থান, ৰাস্তা-ঘাট আদিত বিক্ষোভ প্রদর্শন, সভা-সমিতি, শোভাযাত্ৰা আদিৰ উপলক্ষে ৫ জন বা ততোধিক লোক সমবেত হোৱা নিষিদ্ধ কৰা হৈছে। ধুবুৰী জিলা দণ্ডাধীশৰ অনুমতি অবিহনে কোনোধৰণৰ শোভাযাত্রা, সমাবেশ, সভা-সমিতি, ধর্ণা, ধৰ্মঘট আদি অনুষ্ঠিত কৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। 

যি কোনো ৰাজহুৱা স্থানত চোকা অস্ত্র, লাঠি, দা, আদিকে ধৰি যি কোনো মাৰণাস্ত্র, আগ্নেয়াস্ত্র আদি লগত লৈ ফুৰাটোও নিষিদ্ধ কৰা হৈছে। পথ অৱৰোধ কৰা, শোভাযাত্রা, সমাবেশ, সভা-সমিতি, ধর্ণা, ধর্মঘট আদি অনুষ্ঠিত কৰা,পোষ্টাৰ লগোৱা, দেৱাল লিখন, প্রতিমূর্তি দাহ কৰা, টায়াৰ জ্বলোৱা আদিও সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। 

অসামৰিক লোকে সেনাবাহিনীৰ পোছাক পিন্ধা নিষিদ্ধ কৰা হৈছে। ৰাষ্ট্ৰীয় পথত যি কোনো যান-বাহন, ব্যৱসায় প্রতিষ্ঠান বা কোনো ব্যক্তিৰ পৰা বলপূর্বক বৰঙণি আদায় কৰাটো সম্পূৰ্ণৰূপে  নিষিদ্ধ কৰা হৈছে।অৱশ্যে এই আদেশ দণ্ডাধীশ, আৰক্ষী, সেনা-বাহিনী, অর্ধ-সামৰিক বাহিনী, চিকিৎসক,নার্চ আৰু অন্যান্য স্বাস্থ্যকর্মী আৰু বিশেষ অনুমতিপ্রাপ্ত ব্যক্তি আদিৰ ক্ষেত্ৰত প্রযোজ্য নহ'ব।  তাৎক্ষণিকভাবে জাৰি কৰা এই আদেশ পৰবৰ্তী নির্দেশ নিদিয়ালৈকে, বাহাল থাকিব বুলি আজি জিলা প্ৰশাসনৰ এটি সূত্ৰই সদৰী কৰিছে।

ধুবুৰী