/asomiyapratidin/media/media_files/2025/07/30/new-ap-web-6-1-2025-07-30-11-47-13.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ আন এক সফলতা। ৩০জুলাই, ২০২৫ৰ সন্ধিয়া ৫.৪০বজাত হৰিকোটাৰ পৰা ইছৰোয়ে মহাকাশলৈ প্ৰেৰণ কৰিব পৃথিৱীৰ পৰ্যবেক্ষক উপগ্ৰহ নিছাৰে। নাছাৰ সহযোগত প্ৰস্তুত কৰা এই উপগ্ৰহটো নিৰ্মাণৰ বাবদ খৰছ কৰা হৈছে ১.৫বিলিয়ন মাৰ্কিন ডলাৰ।
উল্লেখ কৰা প্ৰয়োজন যে, ২৩৯২কিলোমিটাৰ ওজনৰ এই উপগ্ৰহটো সূৰ্যৰ সমকালীন কক্ষপথত স্থাপন কৰা হ'ব। এই উপগ্ৰহটোৱে প্ৰতি ৯৭মিনিটত পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিব আৰু প্ৰতি ১২দিনৰ মূৰে মূৰে সাগৰপৃষ্ঠ আৰু বৰফপৃষ্ঠৰ ফটো পৃথিৱীলৈ প্ৰেৰণ কৰিব। এই উপগ্ৰহটোৰ মিছন লাইফ ৫বছৰলৈ ধাৰ্য কৰা হৈছে।