কালিলৈ ইছৰোৱা উৎক্ষেপণ কৰিব ‘ই অ’ এছ-০৩’ এডভান্স চেটেলাইটঃ দুৰ্যোগ ব্যৱস্থাপনালৈ আহিব পৰিৱৰ্তন..

কালিলৈ ইছৰোৱা উৎক্ষেপণ কৰিব ‘ই অ’ এছ-০৩’ এডভান্স চেটেলাইটঃ দুৰ্যোগ ব্যৱস্থাপনালৈ আহিব পৰিৱৰ্তন..

author-image
asomiyapratidin
New Update
কালিলৈ ইছৰোৱা উৎক্ষেপণ কৰিব ‘ই অ’ এছ-০৩’  এডভান্স চেটেলাইটঃ দুৰ্যোগ ব্যৱস্থাপনালৈ আহিব পৰিৱৰ্তন..

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ১২ আগষ্ট বৃহস্পতিবাৰে শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা 'জি এছ এ ভি এফ-১০' ৰ জৰিয়তে পৃথিৱী নিৰীক্ষণ উপগ্ৰহ 'ই অ' এছ-০৩' উৎক্ষেপণ কৰিব। ইছোৰাৱে জনোৱা অনুসৰি এই উৎক্ষেপণ ১২ আগষ্টৰ পুৱা ৫ঃ৪৩ বজাত অনুষ্ঠিত কৰা হ'ব। অৱশ্যে ই বতৰৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব।

Advertisment

ই অ' এছ-০৩ হৈছে এক অতি উন্নত উপগ্ৰহ যাক জি এছ এল ভি এফ-১০ বাহনৰ সহায়ত পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হ'ব। যদিও উপগ্ৰহটোৱে বতৰ সম্পৰ্কীয় তথ্য প্ৰদান কৰি দুৰ্যোগৰ পৰা সুৰক্ষা দিব ইয়াৰ উপৰিও উপগ্ৰহটো দেশক শত্ৰুৰ পৰা সুৰক্ষিত কৰিবলৈয়ো ব্যৱহাৰ কৰা হ'ব।

ই অ' এছ-০৩ উপগ্ৰহ উৎক্ষেপণৰ সফলতাই ভাৰতৰ শক্তি অধিক শক্তিশালী কৰিব। উপগ্ৰহটোৱে ভাৰতীয় উপ-মহাদেশত বানপানী, আৰু ঘূৰ্ণী বতাহৰ দৰে প্ৰাকৃতিক দুৰ্যোগ নিৰীক্ষণ কৰিবলৈ সক্ষম হ'ব। ই অ' এছ-০৩ হৈছে এক এডভান্স চেটেলাইট।

ইছৰোৰ মতে , উপগ্ৰহটোৱে নিয়মীয়া ব্যৱধানত সংশ্লিষ্ট এলেকাবোৰৰ বাস্তৱ সময়ৰ প্ৰতিচ্ছবি প্ৰদান কৰিব। এই উপগ্ৰহটো প্ৰাকৃতিক দুৰ্যোগ, প্ৰাসঙ্গিক ঘটনা আৰু যিকোনো হ্ৰস্বম্যাদী ঘটনা নিৰীক্ষণ কৰিবলৈও ব্যৱহাৰ কৰিব পাৰিব।উপগ্ৰহটোৱে কৃষি, বনাঞ্চল, খনিজ পদাৰ্থ, দুৰ্যোগ সতৰ্কবাণী আৰু সামুদ্ৰিক বিজ্ঞানসম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিব।