মহাকাশলৈ যাবলৈ প্ৰস্তুত ভিয়মিত্ৰা, VIDEO

মহাকাশলৈ যাবলৈ প্ৰস্তুত ভিয়মিত্ৰা, VIDEO

author-image
asomiyapratidin
New Update
মহাকাশলৈ যাবলৈ প্ৰস্তুত ভিয়মিত্ৰা, VIDEO

ডিজিটেল ডেস্কঃ ২০২১ৰ শেষৰ ভাগলৈ তথা ২০২২ৰ প্ৰথমভাগলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ'ৱে মহাকাশলৈ প্ৰেৰণ কৰিব গগণযান। এই মিছনক লৈ কোনো ধৰণৰ আসোঁৱাহ ৰাখিব বিচৰা নাই গৱেষণা সংস্থাটোৱে। মহাকাশৰ সকলো প্ৰক্ৰিয়া পুংখানুপুংখভাৱে অধ্যয়ন কৰিবলৈ গগণযানৰ পূ্ৰ্বেই ২০২০ চনত মহাকাশলৈ ইছৰ'ৱে পঠিয়াব ভিয়মিত্ৰাক। ইয়াৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে মহাকাশ গৱেষণা সংস্থাটোৱে।

Advertisment

২০২০ত কোনো লোকে মহাকাশলৈ যাত্ৰা কৰাৰ পূৰ্বেই ভিয়মিত্ৰাক পঠিয়াবৰ বাবে ব্যৱস্থা হাতত লৈছে ইছৰ'ৱে। উল্লেখ্য যে, ইছৰ'ৱে ২০২২ চনত মহাকাশলৈ কোনো লোকক পঠিওৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। সেই অনুসৰিয়ে কোনো ব্যক্তি অবিহনে first human spaceflight programme (গগণযান) প্ৰেৰণৰ দিহা কৰিছে।

গগণযানত যিহেতু কোনো মহিলাক প্ৰেৰণ কৰা নহয়, সেইবাবে দেখাত হুবহু মহিলাৰ দৰেই এটা ৰৱট প্ৰেৰণ কৰিব ইছৰ'ৱে। সেই ৰৱটৰ নামেই দিয়া হৈছে ভিয়মিত্ৰা। ইতিমধ্যে টুইটাৰ যোগে ভিয়মিত্ৰাৰ ৰূপটোও প্ৰকাশ কৰিছে ইছৰ'ৱে। কাৰিকৰী দিশৰ পৰা চাবলৈ গ'লে গগণযানৰ সৈতে যাবলগীয়া ভিয়মিত্ৰাই হ'ব মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় যাত্ৰী।

গগণযানৰ এই কাৰ্যসূচীৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৮ বৰ্ষৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ঘোষণা কৰিছিল। এই কাৰ্যত সহায়ক হোৱাকৈ মস্ক'ত ইছৰ'ৰ এটা কাৰিকৰী ইউনিট গঠন কৰাৰ বাবে কেন্দ্ৰীয় কেবিনেটে অনুমোদন দিছিল। গগণযান প্ৰকল্পৰ বাবেই মস্ক'ত এই ইউনিটটো গঠন কৰা হৈছিল।


— Prasar Bharati News Services & Digital Platform (@PBNS_India) January 22, 2020

গগণযান কাৰ্যসূচীৰ বাবে মুঠ দুখন চালকবিহীন আৰু এখন চালকৰ সৈতে যান প্ৰেৰণ কৰা হ'ব। চালকৰ সৈতে গগণযান যোৱাৰ পূৰ্বে পৰীক্ষামূলকভাৱে প্ৰেৰণ কৰা হ'ব মানৱ সদৃশ ৰৱটৰ সৈতে যানখন। ইফালে প্ৰেৰণ কৰিবলগীয়া ৰৱটটোৱে কথাও পাতিব পাৰে।

গগণযানৰ কাৰ্যসূচীৰ বাবে নিৰ্বাচন কৰা হৈছে ৪জন মহাকাশচাৰী। এই মাহৰ শেষলৈ তেওঁলোকে ৰাছিয়াত প্ৰশিক্ষণ লবলৈ যাব। গগণযানক মহাকাশলৈ ৩জন লোকক কঢ়িয়াই নিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। ২০২১ চনৰ ডিচেম্বৰত মুকলি কৰাৰ সম্ভাৱনা আছে গগণযান। গগণযান প্ৰকল্পৰ বাবে মুঠ খৰচ হ'ব ১০ হাজাৰ কোটি টকা।