/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/07/06af38ad-68c3-4553-9a0a-6e0982a74ea5.jpg)
ডিজিটেল ডেস্কঃ ইতিহাস সৃষ্টিৰে আজি জোনবাইৰ দেশলৈ উৰা মাৰিব চন্দ্ৰযান-২ ।ভাৰতীয় মহাকাশ গৱেষণাকাৰী সংগঠন চমুকৈ ইছৰ' চন্দ্ৰযান-২ উৎক্ষেপনৰ বাবে ইতিমধ্যে সাজু হৈছে। সোমবাৰে দিনৰ ২.৪৩ বজাত চন্দ্ৰযান-২ ৰাওনা হব চন্দ্ৰৰ দিশে। যোৱা দেওবাৰৰ সন্ধিয়া ৬.৪৩ বজাৰ পৰা চন্দ্ৰযান-২ উৎক্ষেপনৰ কাউণ্ড ডাউন আৰম্ভ হৈছে।
উল্লেখ্য যে, ১৫ জুলাইত যান্ত্ৰিক বিজুতিৰ বাবে যাত্ৰা বাতিল কৰা হৈছিল চন্দ্ৰযান-২ৰ। নিৰ্ধাৰিত সময়ৰ প্ৰায় ১ ঘণ্টা পূৰ্বে উৎক্ষেপন বাতিল কৰা হৈছিল। যানখনৰ সকলো যান্ত্ৰিক বিজুতি ঠিক কৰি যোৱা ১৮ জুলাইত ইছৰ' য়ে পুনৰ চন্দ্ৰযান উৎক্ষেপনৰ তাৰিখ ঘোষণা কৰিছিল।
প্ৰায় ১০০০ কোটি টকাৰ এই প্ৰকল্পটোত জি এছ এল ভি এম কে-৩ ৰকেট প্ৰক্ষেপন কৰা হব। এই চন্দ্ৰযান চন্দ্ৰপৃষ্ঠত দক্ষিণ প্ৰান্তত প্ৰৱেশ কৰিব। এক তথ্য অনুসৰি ভাৰতীয় অনুসন্ধানকাৰী সংস্থাই বহু কম খৰচতে এই প্ৰকল্পটোৰ কাম সমাপন কৰিছে। ইয়াৰ পূৰ্বে ১৯৬৯ চনত নাছাই চন্দ্ৰলৈ প্ৰেৰণ কৰা এপল' মিছনত খৰছ হৈছিল প্ৰায় ২,৬২০ কোটি টকা।