চন্দ্ৰযান-২ৰ পাচতে ইছৰোৰ আন এক বৃহৎ অভিযান…সবিশেষ

চন্দ্ৰযান-২ৰ পাচতে ইছৰোৰ আন এক বৃহৎ অভিযান…সবিশেষ

author-image
asomiyapratidin
New Update
চন্দ্ৰযান-২ৰ পাচতে ইছৰোৰ আন এক বৃহৎ অভিযান…সবিশেষ

ডিজিটেল ডেস্কঃ চন্দ্ৰযান-২ৰ পাচতে ইছৰোৰ আন এক বৃহৎ অভিযান। অহা ২৭ নৱেম্বৰত ইছৰোয়ে মহাকাশলৈ প্ৰেৰণ কৰিব ১৪ টাকৈ উপগ্ৰহ। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা ২৭ নৱেম্বৰৰ পুৱা ৯.২৮ মিনিটত মহাকাশলৈ এই ১৪ টা উপগ্ৰহ প্ৰেৰণ কৰা হব। মাত্ৰ ২৭ মিনিটতে পি এছ এল ভি-এক্সল ৰকেটেৰে পঠিওৱা ৰকেট কেইটা কক্ষপথত স্থাপন কৰিব ইছৰোৱে।

Advertisment

এই ১৪ টা উপগ্ৰহৰ ভিতৰত কাতৰেছেট-৩ নামৰ ১,৬২৫ ওজনৰ এটা উপগ্ৰহৰ লগতে আমেৰিকাৰ ১৩ টা উপগ্ৰহ চামিল আছে। মহাকাশত ৫ বছৰ সক্ৰিয় হৈ থাকিব লগা কাৰেন্টছেট-৩ নামৰ উপগ্ৰহটো ১৭ মিনিটতে কক্ষপথত স্থাপন কৰা হ'ব। কাতৰেছেট-৩ হৈছে অতি উন্নত মানৰ এটা উপগ্ৰহ, যিয়ে হাই ৰিজ'লশ্বেজনৰ ক্ষমতা আছে।

ভাৰতীয় উপগ্ৰহ কাতৰেছেট-৩ কক্ষপথত স্থাপন কৰাৰ পাছত আমেৰিকাৰ ১৩ টা উপগ্ৰহ কক্ষপথত স্থাপন কৰা হ'ব। ইছৰোয়ে সংবাদমাধ্যমক জনোৱাৰ মতে, আমেৰিকাৰ ১৩ উপগ্ৰহৰ ভিতৰত ১২ টাৰ নাম দিয়া হৈছে ফ্লৰ্ক-৪পি আৰু বাকী এটা উপগ্ৰহৰ নাম হৈছে মেছবেড।