১৫ জুলাইত ইতিহাস ৰচিবলৈ সাজু চন্দ্ৰযান-২, PHOTO…

১৫ জুলাইত ইতিহাস ৰচিবলৈ সাজু চন্দ্ৰযান-২, PHOTO…

author-image
asomiyapratidin
New Update
১৫ জুলাইত ইতিহাস ৰচিবলৈ সাজু চন্দ্ৰযান-২, PHOTO…

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ ১৫ জুলাইত এক ইতিহাসৰ সাক্ষী হ'ব সমগ্ৰ দেশবাসী। কিয়মনো সেইদিনাই মহাকাশলৈ উৰা মাৰিব চন্দ্ৰযান-২। ভাৰতীয় মহাকাশ অনুসন্ধানকাৰী সংস্থাই শেহতীয়াকৈ প্ৰকাশ কৰিছে এই তথ্য। লগতে চন্দ্ৰযান-২ৰ কিছু নিৰ্মান কৰি থকা কিছু দৃশ্যও ৱেবচাইটত আপোলোড কৰিছে।

Advertisment

প্ৰায় ১০০০ কোটি টকাৰ এই প্ৰকল্পটোত জি এছ এল ভি এম কে-৩ ৰকেট প্ৰক্ষেপন কৰা হ'ব। চন্দ্ৰযান-২ ৰ সৈতে যাত্ৰা কৰিব ১৩ জন ভাৰতীয়। তেওলোকৰ সৈতে থাকিব নাছাৰ এজন প্ৰতিনিধি। এই চন্দ্ৰযানৰ মুঠ ওজন হ'ব ৩.৮ টন।

এই চন্দ্ৰযান যদি এবাৰ চন্দ্ৰপৃষ্ঠত দক্ষিণ প্ৰান্তত প্ৰৱেশ কৰিব। এক তথ্য অনুসৰি ভাৰতীয় অনুসন্ধানকাৰী সংস্থাই বহু কম খৰচতে এই প্ৰকল্পটোৰ কাম সমাপন কৰিছে। ইয়াৰ পূৰ্বে ১৯৬৯ চনত নাছাই চন্দ্ৰলৈ প্ৰেৰণ কৰা এপল' মিছনত খৰছ হৈছিল প্ৰায় ২,৬২০ কোটি টকা।