শুক্ৰ গ্ৰহৰ দিশত আৰু এখোজ আগবাঢ়িল ইছৰ’

শুক্ৰ গ্ৰহৰ দিশত আৰু এখোজ আগবাঢ়িল ইছৰ’

author-image
asomiyapratidin
New Update
শুক্ৰ গ্ৰহৰ দিশত আৰু এখোজ আগবাঢ়িল ইছৰ’

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ বৰ্তমান ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ' ব্যস্ত হৈ পৰিছে শুক্ৰ গ্ৰহক লৈ কৰিবলগীয়া গৱেষণাৰ প্ৰস্তুতিত। 'শুক্ৰ গ্ৰহ মিছন'ৰ বাবে কৰিবলৈ বহু গৱেষণাৰ ক্ষেত্ৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৱে সমগ্ৰ বিশ্বৰ বৈজ্ঞানিকসকলৰ মতামত তথা উপদেশ বিচাৰিছে।

২০২৩ চনত শুক্ৰগ্ৰহ মিছনৰ আৰম্ভ হোৱাৰ সময় নিৰ্ধাৰণ কৰা হৈছে। ইছৰ'ই জনায় যে, শুক্ৰ গ্ৰহৰ বিষয়ে আৰু অধিক ভালদৰে জানিবলৈ আৰম্ভ কৰা এই অধ্যয়নৰ বাবে সংস্থাটোৱে বিদেশী মহাকাশ গৱেষণা সংস্থাসমূহ, বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিকসকলৰ মতামত বিচাৰিছে। এই গৱেষণাৰ পাছত মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰত আৰু অধিক আগবাঢ়িব বুলিও আশা প্ৰকাশ কৰে ইছৰ'ৰ বৈজ্ঞানিকসকলে।