মাজত মাথো কেইটামান মিনিট, চন্দ্ৰযান-২ ৰ সৈতে জোনবাই দেশলৈ যাব বিক্ৰম আৰু প্ৰজ্ঞান…

মাজত মাথো কেইটামান মিনিট, চন্দ্ৰযান-২ ৰ সৈতে জোনবাই দেশলৈ যাব বিক্ৰম আৰু প্ৰজ্ঞান…

author-image
asomiyapratidin
New Update
মাজত মাথো কেইটামান মিনিট, চন্দ্ৰযান-২ ৰ সৈতে জোনবাই দেশলৈ যাব বিক্ৰম আৰু  প্ৰজ্ঞান…

ডিজিটেল ডেস্কঃ মাজত মাথো কেইটামান মিনিট। সোমবাৰে দিনৰ ২ বাজি ৪৩ মিনিটত চন্দ্ৰৰ অভিমুখে যাত্ৰা কৰিব চন্দ্ৰযান-২। ভাৰতবৰ্ষৰ এয়া দ্বিতীয়টো বৃহৎ প্ৰকল্প। অধ্যপ্ৰদেশৰ হৰিকোটাৰ পৰা প্ৰক্ষেপন কৰিবলগীয়া চন্দ্ৰযানত ইতিমধ্যে ভৰোৱা হৈছে ইন্ধন।

Advertisment

প্ৰায় ৯৭৮ কোটি টকা ব্যয় হোৱা এই চন্দ্ৰযান-২ ৩,৮৪,৪০০ কি:মি: অতিক্ৰম কৰি পৰ্দাপণ কৰিব চন্দ্ৰৰ দক্ষিণ ভাগত। ইয়াৰ পূৰ্বে যোৱা ১৫ জুলাই যান্ত্ৰিক বিজুতিৰ বাবে ৫৬ মিনিট ২৪ চেকেণ্ডৰ আগত বাতিল কৰা হৈছিল চন্দ্ৰযান-২ৰ যাত্ৰা।

চন্দ্ৰযান প্ৰক্ষেপনৰ লগে লগে ভাৰতবৰ্ষ বিশ্বৰ চতুৰ্থখন দেশ হ'ব যিয়ে, চন্দ্ৰলৈ এনে যান প্ৰক্ষেপন কৰিছে। চন্দ্ৰযানৰ সৈতে ১.৪ টন ওজনৰ বিক্ৰম আৰু ২৭ কি:গ্ৰা: ওজনৰ প্ৰজ্ঞান নামৰ দুটা ৰৱাৰ।
যিয়ে চন্দ্ৰৰ মাটিত ৰাসায়নিক বিশ্লেষণ কৰিব।

চন্দ্ৰপৃষ্ঠত পানীৰ সন্ধান কৰিব বিক্ৰমে। চন্দ্ৰপৃষ্ঠত ধাৰাবাহিকভাৱে ১ টা দিন কাম কৰিব বিক্ৰমে। উল্লেখ্য যে, চন্দ্ৰত এটা দিন পৃথিৱীৰ ১৪ টা দিনৰ সমান।