আংশিকভাৱে সফল হ’ল ইছৰোৰ ই অ’ এছ-০৩ উপগ্ৰহ উৎক্ষেপন

আংশিকভাৱে সফল হ’ল ইছৰোৰ ই অ’ এছ-০৩ উপগ্ৰহ উৎক্ষেপন

author-image
asomiyapratidin
New Update
আংশিকভাৱে সফল হ’ল ইছৰোৰ ই অ’ এছ-০৩ উপগ্ৰহ উৎক্ষেপন

ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই বৃহস্পতিবাৰে উৎক্ষেপন কৰিলে ই অ' এছ-০৩ উপগ্ৰহ। শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ দ্বিতীয় পৰীক্ষণ স্থলৰ পৰা এই উপগ্ৰহ উৎক্ষেপন কৰা হৈছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই উপগ্ৰহ উৎক্ষেপন সম্পূৰ্ণৰূপে সফল নহ'ল। এই সন্দৰ্ভত ইছৰোৰ মুব্বীগৰাকীয়ে কৈছে যে, ক্ৰয়'জেনিক ষ্টেজত হোৱা কাৰিকৰী বিজুতিৰ বাবে ইছৰোৰ জি এছ এল ভি এফ-১০/ই অ' এছ মিছন সম্পূৰ্ণৰূপে সফল নহ'ল।

উল্লেখ্য যে এই উপগ্ৰহৰ জৰিয়তে বতৰ সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰাৰ লক্ষ্য ৰখা হৈছিল। এই উপগ্ৰহৰ জৰিয়তে ভাৰতীয় উপ-মহাদেশত বানপানী আৰু ঘূৰ্ণী বতাহৰ দৰে প্ৰাকৃতিক দুৰ্যোগ নিৰীক্ষণ কৰাৰ লক্ষ্য নিৰ্দিষ্ট কৰা হৈছিল।