Advertisment

শ্ৰীহৰিকোটাৰ পৰা ১০০ সংখ্যক ৰকেট উৎক্ষেপণৰ বাবে সাজু ইছৰো...

এক উল্লেখনীয় দিনৰ সাক্ষী হ’বলৈ গৈ আছে দেশবাসী। ই হ’ব দেশবাসীৰ বাবে গৌৰৱৰ ক্ষণ ! ১০০ সংখ্যক ৰকেট উৎক্ষেপণৰ বাবে সাজু হৈছে দেশৰ মহাকাশ গৱেষণা সংস্থা ইছৰো...

author-image
Asomiya Pratidin
New Update
শ্ৰীহৰিকোটাৰ পৰা ১০০ সংখ্যক ৰকেট উৎক্ষেপণৰ বাবে সাজু ইছৰো

শ্ৰীহৰিকোটাৰ পৰা ১০০ সংখ্যক ৰকেট উৎক্ষেপণৰ বাবে সাজু ইছৰো

ডিজিটেল ডেস্ক : এক উল্লেখনীয় দিনৰ সাক্ষী হ’বলৈ গৈ আছে দেশবাসী। ই হ’ব দেশবাসীৰ বাবে গৌৰৱৰ ক্ষণ ! ১০০ সংখ্যক ৰকেট উৎক্ষেপণৰ বাবে সাজু হৈছে দেশৰ মহাকাশ গৱেষণা সংস্থা ইছৰো। 

Advertisment

ইছৰোৱে অহা ২৯ জানুৱাৰীত শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা জি এছ এল ভি –এফ ১৫ অভিযান আৰম্ভ কৰিব। ই হ’ব ১০০ সংখ্যক ৰকেট উৎক্ষেপণৰ অভিযান। যাক মাইলৰখুঁটি হিচাপে বিবেচিত কৰিব পৰা যাব।- এই কথা সদৰী কৰে মহাকাশ সংস্থাটোৱে।

দেশবাসীক সংস্থাই জানিবলৈ দিয়ে যে ২০২৫ৰ ২৯ জানুৱাৰীৰ পুৱা ০৬ বাজি ২৩ মিনিটত শ্ৰী হৰিকোটাৰ পৰা জি এছ এল ভি- এফ১৫ ৰকেট উৎক্ষেপণ কৰা হ’ব। এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হোৱাৰ বাবে সংস্থাটোৱে দেশবাসীক অনুৰোধ জনায়।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে ১৯৭৯ চনৰ ১০ আগষ্টত শ্ৰীহৰিকোটাৰ পৰা প্ৰথমবাৰৰ বাবে ৰকেট উৎক্ষেপণ কৰা হৈছিল। ৰকেটটোৰ নাম আছিল চেটেলাইট লঞ্চ ভেহিকেল । 

উল্লেখযোগ্য যে মহাকাশলৈ প্ৰেৰণ কৰিব লগা এই ৰকেটটোৰ লিফ্ট ভৰ ২,২৫০ কিলোগ্ৰাম। একেদৰে ইয়াৰ পাৱাৰ হেণ্ডলিং ক্ষমতা প্ৰায় ৩ কিলোৱাট।

isro