ইৰানৰ ওপৰত ইজৰাইলৰ আক্ৰমণ : এয়াৰ ইণ্ডিয়াৰ ১৬খন বিমানৰ যাত্ৰা পথ সলনি

আক্ৰমণৰ মাজতে এয়াৰ ইণ্ডিয়াই ঘোষণা কৰিছে ট্রেভেল এডভাইজাৰী। বিমান সংস্থাটোৱে ঘোষণা কৰা অনুসৰি এয়াৰ ইণ্ডিয়াৰ অধীনৰ ১৬খনকৈ বিমানৰ যাত্রা পথ সলনি কৰিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
এয়াৰ ইণ্ডিয়াৰ ১৬খন বিমানৰ যাত্ৰ পথ সলনি

ডিজিটেল ডেস্ক : ইৰাণৰ ওপৰত ইজৰাইলে ভয়ংকৰ আক্রমণ কৰাৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি ইৰাণৰ দুটা পাৰমাণৱিক ক্ষেত্র, সেনাৰ ৬টা ঘাটিলৈ মিছাইল আক্রমণ কৰিছে ইজৰাইলে। ইজৰাইলে এই অভিযানৰ নাম দিছিল ‘অপাৰেচন ৰাইজিং লায়ন’।

Advertisment

জানিব পৰা মতে, ইৰাণৰ ৰাজধানী টেহৰাণকে ধৰি কেইবাখনো মুখ্য চৰহত আক্রমণ চলাই ইজৰাইলে। লগে লগে মিছাইল আক্রমণৰে ইজৰাইলক প্রত্যুত্তৰ দিয়ে ইৰাণে। ইফালে এই আক্ৰমণ ঘটনাত ইৰাণৰ সশস্ত্ৰ সেনাৰ মুৰব্বী হোছেইন ছালামী নিহত হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইৰাণৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে তথ্য সদৰী কৰিছে। এই আক্ৰমণৰ পিছতে মধ্য ইৰাণৰ নাটাঞ্জ পাৰমাণৱিক কেন্দ্ৰত জুই জ্বলি থকা পৰিলক্ষিত হৈছে। উক্ত ঘটনাৰ পাছতে ইজৰাইলে জৰুৰী অৱস্থা ঘোষণা কৰিছে।

আনহাতে এই আক্ৰমণ সন্দৰ্ভত ইজৰাইল চৰকাৰে কয় যে, ইজৰাইলে ইৰাণৰ ওপৰত “আগতীয়া প্ৰতিৰোধমূলক” আক্ৰমণ চলাইছে। যেতিয়ালৈকে প্ৰয়োজন সিমান দিন এই অভিযান অব্যাহত থাকিব।

ইফালে এই আক্ৰমণৰ মাজতে এয়াৰ ইণ্ডিয়াই লৈছে এক বিশেষ পদক্ষেপ। আক্ৰমণৰ মাজতে এয়াৰ ইণ্ডিয়াই ঘোষণা কৰিছে ট্রেভেল এডভাইজাৰী। বিমান সংস্থাটোৱে ঘোষণা কৰা অনুসৰি এয়াৰ ইণ্ডিয়াৰ অধীনৰ ১৬খনকৈ বিমানৰ যাত্রা পথ সলনি কৰিছে।

তাৰোপৰি আন কেইবাখনো বিমানক যাত্রাপথৰ পৰাই উভতাই আনিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই। উল্লেখযোগ্য যে, বিমান যাত্রীৰ সুৰক্ষাৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে বিমান সংস্থাটোৱে। ইয়াৰোপৰি যাত্রীসকলক বিমান যাত্রাৰ পূৰ্বে বিমানৰ স্থিতি পৰীক্ষাৰ বাবেও আহ্বান জনাইছে এয়াৰ ইণ্ডিয়াই।

এয়াৰ ইণ্ডিয়া