/asomiyapratidin/media/media_files/2025/06/18/TEHRAN 18-1fa97b52.jpg)
ডিজিটেল ডেস্কঃ ইৰাণৰ ওপৰত আক্ৰমণ অধিক তীব্ৰতৰ কৰি তুলিছে ইজৰাইলে। দুয়োখন দেশৰ আক্ৰমণ, প্ৰত্যাক্ৰমণত পণবন্দী হৈছে সাধাৰণ জনতা। প্ৰাণ হেৰুৱাইছে বহুজনে।
আমেৰিকাৰ মানৱ অধিকাৰ আয়োগে দাবী কৰিছে ইজৰাইলৰ ধাৰাবাহিক আক্ৰণত ইৰাণত এই পৰ্যন্ত ৫৮৫ জন লোকৰ মৃত্যু হৈছে। বুধবাৰে পুৱাও দুয়োখন দেশে আক্ৰমণ, প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে।
পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে, নাগৰিকে তেহৰাণ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে। উল্লেখ্য যে, ইজৰাইলে যোৱা শুকুৰবাৰে ইৰাণৰ মাটিত প্ৰথম আক্ৰমণ চলাইছিল। ইজৰাইলে দাবী কৰিছিল ইৰাণে পাৰমাণৱিক বোমা নিৰ্মাণৰ চূড়ান্ত সীমাত উপনীত হৈছে।
সেয়ে ইজৰাইলে নিজা অস্তিত্ব ৰক্ষাৰ বাবে এই আক্ৰমণ কৰিছে। আন একাংশৰ মতে আকৌ ইৰাণে সাধাৰণতে মৃত্যুৰ সংখ্যা প্ৰকাশ নকৰে।অৱশ্যে সোমবাৰে তেওঁলোকে ইজৰাইলৰ আক্ৰমণত ২২৪ জন লোক নিহত হোৱাৰ তথ্য প্ৰকাশ কৰিছিল।
যুদ্ধৰ ষষ্ঠ দিনা আমেৰিকাৰ মানৱ অধিকাৰ আয়োগে ক্ষয়-ক্ষতিৰ প্ৰতিবেদন প্ৰকাশ কৰিছে। ইয়াত কোৱা হৈছে যে ইজৰাইলৰ আক্ৰমণত ৫৮৫ জন লোক নিহত হৈছে। ইয়াৰ উপৰিও ১৩২৬ জন লোক আহত হৈছে।
ইয়াৰে ২৩৯ জন সাধাৰণ নাগৰিক আৰু ১২৬ জন নিৰাপত্তা বাহিনীৰ লোক। ইজৰাইলৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ইৰাণেও বেলিষ্টিক মিছাইলৰ উপৰিও ছুপাৰছনিক মিছাইল নিক্ষেপ কৰিছে।
জানিব পৰা মতে ইৰাণে ইজৰাইলৰ ৰাজধানী টেল আভিভক লক্ষ্য কৰি লৈছে। অৱশ্যে তাত ইৰাণৰ আক্ৰমণত বিশেষ ক্ষতি হোৱাৰ কোনো খবৰ অহা নাই।
কিন্তু তেহৰাণত ইজৰাইলৰ আক্ৰমণত বৃহৎ ক্ষতিৰ খবৰ আহিছে। পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ যে তেহৰাণত বসবাস কৰা স্থানীয় লোক আৰু বিদেশীসকলে তেহৰাণৰ পৰা পলায়ন কৰিবলৈ আৰম্ভ কৰিছে।
পেট্ৰ’ল পাম্পত দেখা গৈছে গাড়ীৰ ভিৰ। শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্পেও তেহৰাণৰ জনসাধাৰণক তেহৰাণ ত্যাগ কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰিছিল। তাৰ পিছতে আশংকা কৰা হৈছিল তেহৰাণত বৃহৎ আক্ৰমণ সংঘটিত হ’ব পাৰে।
মন কৰিবলগীয়া যে যোৱা শুকুৰবাৰে ইৰাণৰ সামৰিক ঘাটি আৰু পাৰমাণৱিক অস্ত্ৰভাণ্ডাৰক লক্ষ্য কৰি ইজৰাইলে বিমান আক্ৰমণ চলাইছিল। এই আক্ৰমণত ইৰাণৰ সেনাৰ মুৰব্বী মহম্মদ বাঘেৰী, ৰিভল্যুচনেৰী গাৰ্ডছ কমাণ্ডাৰ হোছেইন চালামি, ইৰাণৰ ইমাৰ্জেন্সি কমাণ্ডৰ আৰু দুজন শীৰ্ষ সামৰিক বিষয়া নিহত হয়।
তদুপৰি ইজৰাইলে নিখুঁত পৰিকল্পিতভাৱে ৯ জন পাৰমাণৱিক বিজ্ঞানীক হত্যা কৰিছিল। এই ঘটনাৰ পিছত মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দামামা বাজে।