ছাদ্দাম হুছেইনৰ দৰে দশা হ'ব ইৰাণৰ সৰ্বোচ্চ নেতাৰ !

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ মাজতে হুংকাৰ। ছাদ্দাম হুছেইনৰ দৰেই দশা হ’ব ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ। ইজৰাইলে ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীক এই সতৰ্কবাণী শুনাইছে।

author-image
Asomiya Pratidin
New Update
ছাদ্দাম হুছেইনৰ দৰে দশা হ'ব ইৰাণৰ সৰ্বোচ্চ নেতাৰ !

ডিজিটেল ডেস্কঃ ছাদ্দাম হুছেইনৰ দৰেই দশা হ’ব ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ। ইজৰাইলে ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীক এই সতৰ্কবাণী শুনাইছে। আয়াতুল্লাহৰ নাম উল্লেখ নকৰাকৈয়ে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় “ইৰানে চুবুৰীয়া দেশৰ একনায়কত্ববাদী সকলৰ ভাগ্য পাহৰিব নালাগে।”

Advertisment

মঙলবাৰে কাটজে স্পষ্টকৈ কয় যে, “যদি ইৰাণৰ একনায়কত্ববাদীসকলে তেওঁলোকৰ যুদ্ধ অপৰাধ আৰু ইজৰাইলৰ অসামৰিক জনসাধাৰণৰ ওপৰত আক্ৰমণ বন্ধ নকৰে তেন্তে ইৰাণৰ একনায়কত্ববাদীজনৰ অৱস্থা চুবুৰীয়া দেশৰ একনায়কত্ববাদীসকলৰ দৰেই হ’ব।” 

কাটজৰ মতে ইজৰাইলে কেৱল ইৰাণৰ সামৰিক ঘাটি আৰু পাৰমাণৱিক গৱেষণা কেন্দ্ৰক লক্ষ্য কৰি লৈছে। লগতে তেওঁ তেহৰাণৰ সাধাৰণ নাগৰিকক আশে-পাশে থকা অঞ্চলসমূহ খালী কৰিবলৈ আহ্বান জনাইছে। 

ইজৰাইলৰ বৈদেশিক মন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে ইৰাণে নিৰীহ ইজৰাইলৰ সাধাৰণ নাগৰিকক আক্ৰমণ কৰি যুদ্ধ অপৰাধ সংঘটিত কৰিছে। ইয়াৰ শাস্তি হিচাপে খামেনেই ছাদ্দাম হুছেইনৰ দৰেই শেষ হ’ব।

উল্লেখ্য যে, চাৰি দশক ধৰি ইৰাকৰ শাসক আছিল ছাদ্দাম হুছেইন। ২০০৩ চনত আমেৰিকাই ছাদ্দামক উৎখাত কৰিছিল। ২০০৬ চনত আমেৰিকা সমৰ্থিত চৰকাৰে ছাদ্দামক গণহত্যাৰ অভিযোগত ফাঁচী দিছিল। 

মৃত্যুৰ পূৰ্বে ছাদ্দামে দেশ এৰি পলায়ন কৰিবলগীয়া হৈছিল। ইজৰাইলে সকীয়াই দিছে যে খামেনেইও একেধৰণৰ ভাগ্যৰ সন্মুখীন হ’ব। মন কৰিবলগীয়া যে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ইয়াৰ পূৰ্বেও সকীয়াই দিছিল যে খামেনেইৰ মৃত্যু হ’লেহে ইৰাণ-ইজৰাইল যুদ্ধৰ অন্ত পৰিব। 

এনে পৰিস্থিতিত এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে  এই মুহূৰ্তত ইজৰাইলৰ মূল উদ্দেশ্য খামেনীক নিৰ্মূল কৰাই নেকি? যোৱা শুকুৰবাৰে ইজৰাইলে ইৰাণৰ সামৰিক ঘাটি আৰু পাৰমাণৱিক অস্ত্ৰৰ সুবিধাসমূহ লক্ষ্য কৰি বিমান আক্ৰমণ চলায়। 

এই আক্ৰমণত ইৰাণৰ কেইবাজনো শীৰ্ষ সামৰিক বিষয়া একেলগে নিহত হয়। এই তালিকাত ইৰাণৰ সেনাৰ মুৰব্বী মহম্মদ বাঘেৰী, ৰিভল্যুচনেৰী গাৰ্ডছৰ কমাণ্ডাৰ হোছেইন চালামি, আৰু কেইবাজনো শীৰ্ষ সামৰিক বিষয়া আছিল। 

ইয়াৰ উপৰিও ইজৰাইলে নিখুঁত পৰিকল্পনাৰে ৯ জন পাৰমাণৱিক বিজ্ঞানীক হত্যা কৰিছিল। এই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ইৰাণৰ উচ্চতম নেতা খামেনেই ইজৰাইলৰ বিৰুদ্ধে প্ৰত্যক্ষ যুদ্ধ ঘোষণা কৰে।

ইৰাণ ইজৰাইল যুদ্ধ যুদ্ধ