লোকৰ ঘৰত আমেৰিকা কিয় সোমাইছে? ট্ৰাম্পক প্ৰশ্ন উত্তৰ কোৰিয়াৰ কিম জঙৰ...

ইৰাণৰ ওপৰত এয়াৰ ষ্ট্ৰাইকক লৈ এতিয়া বিশ্ব সমুদায়ৰ কৰ্কথনাৰ সন্মুখীন হৈছে আমেৰিকা। কেইবাখনো দেশে এই কাৰ্যৰ বাবে আমেৰিকাক দোষাৰোপ কৰিছে। শেহতীয়াকৈ আমেৰিকাৰ এই আক্ৰমণক

author-image
Asomiya Pratidin
New Update
kio humss

ডিজিটেল ডেস্কঃ ইৰাণৰ ওপৰত এয়াৰ ষ্ট্ৰাইকক লৈ এতিয়া বিশ্ব সমুদায়ৰ কৰ্কথনাৰ সন্মুখীন হৈছে আমেৰিকা। কেইবাখনো দেশে এই কাৰ্যৰ বাবে আমেৰিকাক দোষাৰোপ কৰিছে। শেহতীয়াকৈ আমেৰিকাৰ এই আক্ৰমণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰ কোৰিয়াই। 

আমেৰিকাই অন্য দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে উত্তৰ কোৰিয়াই। এই কাৰ্যৰ বাবে উত্তৰ কোৰিয়াই তীব্ৰ নিন্দা কৰে আমেৰিকান সেনাক। উত্তৰ কোৰিয়াই কয় যে,  এয়া এখন দেশৰ সুৰক্ষা সম্পৰ্কীয় দিশ উলংঘন কৰিছে আমেৰিকাই। অন্য দেশৰ সুৰক্ষা সম্পৰ্কীয় আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ কৰাতো উচিত হোৱা নাই। 

আমেৰিকাই এই কাৰ্যৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় আইন উলংঘা কৰাৰ অভিযোগ উত্তৰ কোৰিয়াৰ। উত্তৰ কোৰিয়াই লগতে কয় যে, আমেৰিকা আৰু ইজৰাইলে দেখাতহে শান্তি স্থাপন কৰাৰ কথা কৈ আছে। কিন্তু ভিতৰি দুয়োখন দেশে নিজৰ শক্তি প্ৰদৰ্শন কৰি মধ্য প্ৰাচ্য দেশসমূহত শংকাৰ সৃষ্টি কৰিব বিচাৰিছে। 

দুয়োখন দেশৰ এই কাৰ্যই বিশ্বৰ সকলো দেশৰ আভ্যন্তৰীণ সুৰক্ষা দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বুলি মত ব্যক্ত কৰিছে উত্তৰ কোৰিয়াই। উল্লেখ কৰা প্ৰয়োজন যে, আমেৰিকাৰ এই কাৰ্যক লৈ ইতিমধ্যে ৰাচিয়াইও সকিয়নী প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰখনক। 

ইৰাণ ইজৰাইল যুদ্ধ জাপান