/asomiyapratidin/media/media_files/2025/06/15/GFFAJXrtjSCgaHlfXXrJ.jpeg)
দুটা শিবিৰত বিভক্ত বিশ্ব
ডিজিটেল ডেস্কঃ মধ্যপ্ৰাচ্যত আৰম্ভ হোৱা ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধৰ ফলত এতিয়া সমগ্ৰ বিশ্বতে উদ্বেগৰ সৃষ্টি হৈছে। বিগত সপ্তাহটোত এই দুই শক্তিধাৰী দেশৰ মাজত চলি থকা যুঁজে বিশ্ব অৰ্থনীতি আৰু ৰাজনৈতিক পৰিসৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে।
সূত্র অনুসৰি, ইজৰাইলৰ জেট ফাইটাৰে ইৰাণৰ একাধিক নিউক্লিয়াৰ স্থাপনাত বিধ্বংসী আক্ৰমণ চলোৱাৰ পাছত, ইৰাণে ইজৰাইলৰ ৰাজধানীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত ক্ষেপণাস্ত্ৰেৰে আক্ৰমণ কৰে। এই ভয়ংকৰ পৰিস্থিতিয়ে সমগ্ৰ বিশ্বক দুই ভিন্ন ভাগত বিভক্ত কৰি পেলাইছে। এটা দলে ইৰাণৰ পাৰমাণৱিক উন্নয়ন বিশ্বৰ বাবে ভাবুকি বুলি কৈ ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ কাৰ্য্যকলাপক সমৰ্থন কৰি আছে। আনটো পক্ষই ইৰাণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে বুলি যুক্তি আগবঢ়াইছে।
কোন দেশ ইজৰাইলৰ পক্ষে?
ইজৰাইলৰ পক্ষে থকা দেশসমূহে দাবী কৰিছে যে ইৰাণৰ নিউক্লিয়াৰ অস্ত্ৰ উন্নয়ন মানৱ সভ্যতাৰ বাবে এক ডাঙৰ আশংকা। এই দেশবোৰে ইজৰাইলৰ স্বৰক্ষাৰ অধিকাৰক সমৰ্থন জনাইছে।
আমেৰিকা যুক্তৰাষ্ট্ৰ : ইজৰাইলৰ প্ৰধান সহযোগী হিচাপে আমেৰিকাই ইজৰাইলৰ সুৰক্ষাৰ বাবে সামৰিক আৰু কূটনৈতিক সহায় আগবঢ়াইছে।
জাৰ্মানী আৰু ফ্ৰান্স: ইৰানৰ নিউক্লিয়াৰ কার্যসূচীৰ ওপৰত চিন্তা প্ৰকাশ কৰি ইজৰাইলৰ পদক্ষেপক আংশিকভাৱে সমৰ্থন জনাইছে।
অষ্ট্ৰেলিয়া আৰু কানাডা: ইজৰাইলৰ স্বৰক্ষাৰ অধিকাৰ স্বীকৃতি দি ইৰাণৰ ওপৰত নিৰ্বাসন আৰু কূটনৈতিক চাপ বৃদ্ধি কৰিছে।
কোন দেশ ইৰাণৰ পক্ষে?
ইৰাণৰ পক্ষত থকা দেশসমূহে ইজৰাইলৰ আক্ৰমণক আগ্ৰাসী বুলি অভিহিত কৰি ইৰাণৰ প্রতিঘাতক 'স্ব-ৰক্ষা' হিচাপে ব্যাখ্যা কৰিছে।
চীন আৰু ৰাছিয়া: এই দুই দেশেই ইজৰাইলৰ কাৰ্যৰ নিন্দা কৰি ইৰানৰ সুৰক্ষাৰ অধিকাৰক সমৰ্থন জনাইছে।
তুৰ্কি আৰু কাটাৰ: ইজৰাইলৰ আগ্ৰাসন বন্ধ কৰাৰ বাবে বিশ্ববাসীক আহ্বান জনাইছে।
লেবানন, চিৰিয়া: ইৰাণৰ সৈতে ঐতিহাসিক আৰু ধৰ্মীয় সম্পৰ্কৰ বাবে স্পষ্টভাৱে ইজৰাইলৰ বিপক্ষে অৱস্থান লৈছে।
উল্লেখযোগ্য যে, এই সংঘাতত ভাৰতে কোনো পক্ষ লোৱা নাই। ইজৰাইল আৰু ইৰাণৰ মাজত উত্তেজনা হ্ৰাস কৰিবলৈ আলোচনা আৰু কূটনীতিৰ আহ্বান জনাইছে ভাৰতে। ইফালে পাকিস্তানে ইৰাণৰ ওপৰত ইজৰাইলৰ আক্ৰমণক তীব্ৰ গৰিহণা দিছে।