ডিজিটেল ডেস্কঃ লেবাননত ৬০ দিনৰ যুদ্ধবিৰতি চুক্তি গ্ৰাহ্য কৰিছে ইজৰাইল আৰু সশস্ত্ৰ সংগঠন হিজবুল্লাহে। ফলস্বৰূপে ১৪ মাহৰ অন্তত স্বস্তিৰ নিশ্বাস লৈছে স্থানীয় লোকে। এই যুদ্ধখনৰ বাবে ইজৰাইল আৰু লেবাননৰ সহস্ৰাধিক লোকে ঘৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছিল।
এতিয়া যুদ্ধবিৰতি ঘোষণাৰ পাছত বুধবাৰৰ পৰা চিডনলৈ যোৱা পথত যান-বাহনৰ চলাচল পৰিলক্ষিত হৈছে। কিয়নো যুদ্ধবিৰতিৰ পিছত শ শ স্থানচ্যুত লোক নিজ নিজ ঘৰলৈ উভতি আহিছে।
বিভিন্ন ধৰণৰ সৰু বাহন বা মিনি বাছত ঘৰমুৱা হোৱা লোকসকলে গাড়ীৰ হৰ্ণ বজাই গান গাই আনন্দ উল্লাহ কৰাও পৰিলক্ষিত হৈছে। অৱশ্যে ইজৰাইলী সামৰিক বাহিনীয়ে সতৰ্ক কৰি দিছে যে দক্ষিণ লেবাননৰ বাসিন্দাসকল সামৰিক দখলত থকা গাঁওসমূহৰ যাতে কাষ নাচাপে।
সামৰিক মুখপাত্ৰ আভিচাই আদ্ৰাই এক্সৰ এটা পোষ্টত কয়, "যুদ্ধবিৰতি চুক্তি বলবৎ হোৱাৰ লগে লগে আৰু ইয়াৰ ব্যৱস্থাৰ ওপৰত আধাৰিত কৰি আই ডি এফ (সামৰিক) দক্ষিণ লেবাননৰ ভিতৰত ইয়াৰ অৱস্থানত নিয়োজিত হৈ আছে । আপোনাক আই ডি এফে স্থানান্তৰ কৰিবলৈ অনুৰোধ কৰা গাঁওবোৰৰ ফালে বা অঞ্চলটোৰ আই ডি এফ বাহিনীৰ ফালে যাবলৈ বাধা দিয়া হৈছে ।"
আনহাতে যুদ্ধবিৰতিৰ কিছু সময় পাছতে লেবাননৰ সেনাই এক বিবৃতিত কয়, "সেনা কামাণ্ডে নাগৰিকসকলক ইজৰাইলৰ শত্ৰু বাহিনীয়ে প্ৰৱেশ কৰা ফ্ৰণ্টলাইন গাঁও আৰু চহৰসমূহলৈ উভতি অহাৰ আগতে অপেক্ষা কৰিবলৈ আহ্বান জনাইছে।
উল্লেখ কৰা প্ৰয়োজন যে,লেবাননৰ আক্ৰমণে হিজবুল্লাহক যথেষ্ট দুৰ্বল কৰি পেলাইছে। যুদ্ধৰ মাজতে ছেপ্টেম্বৰত এক বিমান আক্ৰমণত হিজবুল্লাহে তেওঁলোকৰ নেতা হাছান নাছৰাল্লাহকো হেৰুৱাইছে। লগতে অন্যান্য অভিযানত শীৰ্ষ কমাণ্ডাৰসকলো নিহত হৈছিল।