ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ নতুন সেনা প্ৰধানঃ মাত্ৰ তিনিদিনৰ পূৰ্বে দিছিল নিযুক্তি...

ইৰাণৰ নৱ নিযুক্ত সেনা প্ৰধান আলী ছাদমণি ইজৰাইলৰ বিমান আক্ৰমণত নিহত হোৱাৰ খবৰ। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে মঙলবাৰে পুৱা এই দাবীৰে প্ৰকাশ কৰিছে বিবৃতি।

author-image
Asomiya Pratidin
New Update
ইজৰাইলৰ আক্ৰমণত নিহত ইৰাণৰ নতুন সেনা প্ৰধানঃ মাত্ৰ তিনিদিনৰ পূৰ্বে দিছিল নিযুক্তি...

ডিজিটেল ডেস্কঃ ইৰাণৰ নৱনিযুক্ত সেনা প্ৰধান আলী ছাদমণি ইজৰাইলৰ বিমান আক্ৰমণত নিহত হোৱাৰ খবৰ। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে মঙলবাৰে পুৱা দাবী কৰিছে সোমবাৰে নিশা তেওঁলোকৰ আক্ৰমণত ইৰাণৰ নতুন সেনা প্ৰধানগৰাকীৰ মৃত্যু হৈছে। 

Advertisment

উল্লেখ্য যে, মাত্ৰ তিনিদিন পূৰ্বে ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰু আয়াতুল্লাহ আলী খামেনেই সেনা প্ৰধান পদত নিযুক্তি দিছিল ছাদমণিক। ইজৰাইলে দাবী কৰিছে যে নিশা তেহৰাণত ইজৰাইলৰ বিমান আক্ৰমণত ছাদমণি নিহত হৈছিল। অৱশ্যে এই বিষয়ত এতিয়ালৈকে ইৰাণে আনুষ্ঠানিকভাৱে কোনো বক্তব্য ৰাজহুৱাকৈ কৰা নাই।

যোৱা শুকুৰবাৰে ইজৰাইলৰ আক্ৰমণত নিহত হৈছিল দেশখনৰ মুখ্য সেনাধ্যক্ষ মেজৰ জেনেৰেল মহম্মদ হোছেইন বাঘেৰী। ইয়াৰ উপৰিও ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডৰ মুখ্য সেনাধ্যক্ষ জেনেৰেল হোছেইন চালামী আৰু উপ-সেনাধ্যক্ষ জেনেৰেল গোলাম আলী ৰছিদক হত্যা কৰা হৈছিল। 

ইৰাণৰ ৯ জন পাৰমাণৱিক বিজ্ঞানীয়েও প্ৰাণ হেৰুৱাইছে ইজৰাইলৰ আক্ৰমণত। আনহাতে, ইজনৰ পিছত সিজন সেনাবাহিনীৰ শীৰ্ষ নেতাৰ মৃত্যুৰ পিছত খামেনীয়ে শনিবাৰে জৰুৰী পৰিস্থিতিত ছাদমণিক ব্ৰিগেডিয়াৰ জেনেৰেলৰ পদৰ পৰা মেজৰ জেনেৰেললৈ পদোন্নতি দিছিল। 

তেওঁক সেনাবাহিনীৰ ‘খাটাম আল-আনবিয়া’ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়। আইডিএফৰ দাবী ছাদমণি খামেনেইৰ অতি ঘনিষ্ঠ আছিল। 'খাটাম আল-আনবিয়া' ইৰাণৰ অৰ্ধসামৰিক ৰিভল্যুচনেৰী গাৰ্ডৰ মুখ্য কাৰ্যালয়।

তাতে নিহত উপ-সেনাধ্যক্ষ জেনেৰেল ৰছিদৰ ঠাইত ছাদমণিক নিযুক্তি দিয়া হৈছিল। এইবাৰ নিযুক্তিৰ মাত্ৰ তিনিদিন পিছতে ইজৰাইলে তেওঁক হত্যা কৰিলে।

ইজৰাইলৰ সামৰিক চোৰাংচোৱাৰ সূত্ৰই দাবী কৰিছে যে সোমবাৰে নিশা সংঘটিত হোৱা এই আক্ৰমণত ছাদমাণি নিহত হৈছে। 

ইজৰাইলৰ সামৰিক বিবৃতিত কোৱা হৈছে যে, "সোমবাৰে গভীৰ নিশা ইজৰাইলৰ বায়ুসেনাই তেহৰাণত থকা ইৰাণৰ সামৰিক মুখ্য কাৰ্যালয়ত আক্ৰমণ চলায়। ফলত ইৰাণৰ নতুনকৈ নিযুক্তি পোৱা 'যুদ্ধকালীন সেনা প্ৰধান' ছাদমাণি নিহত হয়।" 

 

যুদ্ধ ইৰাণ ইৰাণ ইজৰাইল যুদ্ধ