/asomiyapratidin/media/media_files/2025/06/23/iran-23-2025-06-23-16-37-07.jpg)
ডিজিটেল ডেস্কঃ দেওবাৰে পুৱাই ইৰাণৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ চলালে আমেৰিকাই। ইৰাণৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সোমবাৰে ইজৰাইলৰ সেনাই পুনৰ ফৰ্ড’ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰিছে।
ইৰাণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পাৰমাণৱিক কেন্দ্ৰটো সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ আমেৰিকা আৰু ইজৰাইলে একেৰাহে আক্ৰমণ চলাইছে বুলি ধাৰণা কৰা হৈছে। একেৰাহে হোৱা আক্ৰমণত পাৰমাণৱিক কেন্দ্ৰৰ পৰা তেজস্ক্ৰিয় বিকিৰণ বিয়পি পৰাৰ আশংকা বাঢ়িছে।
ইৰাণৰ সংবাদ সংস্থাই প্ৰকাশ কৰা খবৰ অনুসৰি ইজৰাইলে ফৰ্ড’ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰিছে। ইজৰাইলৰ আক্ৰমণৰ পিছত পাৰমাণৱিক কেন্দ্ৰটোত কেনে পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইয়াৰ ক্ষয়-ক্ষতিৰ কিধৰণে হৈছে সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই।
অৱশ্যে এই আক্ৰমণৰ ঘটনাৰ পিছতে তেজস্ক্ৰিয় বিকিৰণৰ সম্ভাৱণীয়তাক লৈ ৰাষ্ট্ৰসংঘ আৰু আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থা চিন্তিত হৈ পৰিছে। মন কৰিবলগীয়া যে ২০ জুনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাই দুসপ্তাহৰ ভিতৰত ইৰাণৰ ওপৰত আক্ৰমণৰ সিদ্ধান্ত ল’ব বুলি ঘোষণা কৰিছিল যদিও ৭২ ঘণ্টাৰ পিছতে ভাৰতীয় সময় অনুসৰি দেওবাৰে পুৱাৰ ভাগত ইৰাণৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰে।
তাৰ পাছত সোমবাৰে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত ইজৰাইলে আক্ৰমণ কৰে। দেওবাৰে সন্ধিয়া এক বিবৃতিত পেন্টাগনে কয় যে তেওঁলোকৰ এই অভিযানৰ লক্ষ্য ইৰাণৰ ৰাজনৈতিক গাঁথনি বা শাসন ব্যৱস্থা সলনি কৰা নহয়।
এই সন্দৰ্ভত আমেৰিকাৰ প্ৰতিৰক্ষা সচিব পিট হেগছেথে কয় যে, আমেৰিকাৰ লক্ষ্য হৈছে ইৰাণক পাৰমাণৱিক শক্তি হিচাপে পৰিগণিত হোৱাত বাধা দিয়া। তেওঁ কয়, ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীয়ে আমেৰিকাৰ সেনা আৰু আমাৰ বন্ধু ইজৰাইলৰ জাতীয় স্বাৰ্থৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।
ৰাষ্ট্ৰপতি (ট্ৰাম্প)য়ে তেওঁলোকৰ পাৰমাণৱিক উচ্চাকাংক্ষাক অক্ষম কৰাৰ সংকল্পৰে নিখুঁত আক্ৰমণৰ অনুমোদন দিছিল। উল্লেখ্য যে, ইৰাণে পাৰমাণৱিক বোমা নিৰ্মাণ কৰি থকাৰ তথ্য আমেৰিকাৰ চোৰাংচোৱাৰ প্ৰতিবেদনত বহুবাৰ প্ৰকাশ পাইছিল। কিন্তু ই প্ৰমাণিত হোৱা নাছিল।
খাৰুৱা তেলৰ ভাণ্ডাৰ ইৰাণ ক্ৰমান্বয়ে ইজৰাইল আৰু আমেৰিকাকে ধৰি পশ্চিমীয়া বিশ্বৰ কেইবাখনো দেশৰ বাবে বিপদজনক হৈ পৰিছে। এই শক্তিশালী মৰুভূমি দেশখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাৰ অৰ্থই হ’ল মধ্যপ্ৰাচ্যৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা।
বিশ্লেষকৰ এটা অংশৰ মতে এই বাবেই পেন্টাগনে খামেনেইক নিৰ্মূল কৰি ইৰাণৰ মোল্লাসকলকো শেষ কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ জৰিয়তেই দেশখনক গণতন্ত্ৰৰ দিশে লৈ যোৱা। অৱশ্যে হোৱাইট হাউচে এই দাবীন অগ্ৰাহ্য কৰিছে।