/asomiyapratidin/media/media_files/2024/12/11/ddkljVCa3NjVtP6OO1Fz.jpg)
ডিজিটেল ডেস্কঃ সংঘৰ্ষজৰ্জৰিত ছিৰিয়াত ম্লান পৰা নাই অভাৱনীয় পৰিস্থিতিৰ । সাম্ৰতিক ইজৰাইলে ছিৰিয়াক কৰা আক্ৰমণে দখল কৰিছে বাতৰিৰ শিৰোনাম। ইজৰাইলৰ সেনাই মঙলবাৰে কয় যে বিগত দুদিনত প্ৰায় ৪৮০ বাৰ আক্ৰমণ চলাই ছিৰিয়াৰ বেছিভাগ অস্ত্ৰৰ ভাণ্ডাৰ নষ্ট কৰিছে । আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে ইজৰাইলৰ নৌসেনাই নিশাটোৰ ভিতৰতে ছিৰিয়াৰ বহু ঠাই ধ্বংস কৰা এই অভিযানক প্ৰশংসা কৰে । এই অভিযানক এটা ডাঙৰ সফলতা বুলি উল্লেখ কৰে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ।
মাত্ৰ এদিন পূৰ্বে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু চিৰিয়াত বাছাৰ আল আছাদৰ শাসন ব্যৱস্থাৰ পতনক “এটা নতুন আৰু নাটকীয় অধ্যায়” বুলি প্ৰশংসা কৰিছিল। সোমবাৰে এক সংবাদমেলত তেওঁ কয় যে ছিৰিয়াৰ শাসন ব্যৱস্থাৰ পতন হ’ল হামাছ, হিজবুল্লাহ আৰু ইৰাণক ইজৰাইলে আঘাত কৰাৰ প্ৰত্যক্ষ ফল। মধ্যপ্ৰাচ্যৰ দৃষ্টি ভংগী সলনি কৰি থকা বুলি উল্লেখ কৰে নেতান্যাহুই ।
সোমবাৰে বৈদেশিক মন্ত্ৰী গিডিয়ান ছা’ৰে সাংবাদিকসকলৰ আগত কয় যে ইজৰাইলে ছিৰিয়াৰ সামৰিক ৰাসায়নিক অস্ত্ৰৰ ভাণ্ডাৰ আৰু দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ৰখা ঘাটি সমূহ বিস্ফোৰণ কৰি আছে, যাতে সেইবোৰ উগ্ৰপন্থীৰ হাতত নপৰে।
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে সদৰী কৰা অনুসৰি ইজৰাইলৰ বায়ুসেনাই কৰা ৪৮০টা আক্ৰমণৰ ভিতৰত প্ৰায় ৩৫০টাৰ লক্ষ্য আছিল দামাস্কাছ, হোমছ, টাৰ্টাছ, লাটাকিয়া আৰু পালমাইৰাত বিমানবন্দৰ, মিছাইল, ড্ৰোন, যুঁজাৰু বিমান, টেংক আৰু অস্ত্ৰ উৎপাদন স্থান আদি।
ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে লগতে কয় যে তেওঁলোকৰ জাহাজে ছিৰিয়াৰ দুটা নৌসেনাৰ ঘাটিত আঘাত হানি ১৫খন জাহাজ ধ্বংস কৰিছে । ডামাস্কাছৰ দক্ষিণ-পশ্চিমে অৱস্থিত মেজেহ বায়ুসেনা ঘাটিত ছিৰিয়াৰ সামৰিক হেলিকপ্টাৰ ধ্বংস কৰাও পৰিলক্ষিত হৈছে ।
উল্লেখযোগ্য যে চিৰিয়া-ইজৰাইলক দ্বিখণ্ডিত কৰা বাফাৰ অঞ্চলত ইজৰাইলে ধাৰাবাহিক আক্ৰমণ কৰিছিল চিৰিয়াত গৃহযুদ্ধ আৰম্ভ হোৱাৰে পৰা । বিশেষকৈ এই আক্ৰমণ বৃদ্ধি পাইছিল গৃহ যুদ্ধৰ প্ৰকোপ সহিব নোৱাৰি চিৰিয়াৰ ৰাষ্ট্ৰপতি দেশ এৰি পলোৱাৰ পিছৰে পৰা ।