Advertisment

ছিৰিয়াৰ ৮০% সামৰিক ঘাটি ধ্বংস ইজৰাইলৰ

দেওবাৰে আছাদৰ ২৪ বছৰীয়া শাসনৰ অন্ত পৰাৰ পিছৰে পৰা ছিৰিয়াৰ সীমান্তৱৰ্তী ইজৰাইলে গোলান উচ্চতাৰ পূব দিশৰ বাফাৰ জ’নলৈ সৈন্য প্ৰেৰণ কৰি ছিৰিয়াৰ কৌশলগত সামৰিক সম্পত্তিৰ ৭০-৮০% ধ্বংস কৰিছে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ছিৰিয়াত গৃহযুদ্ধৰ অন্তত বিদ্ৰোহীয়ে ৰাষ্ট্ৰপতি বাছাৰ আল আছাদক পদচ্যুত কৰাৰ কিছুদিন পিছতে ইজৰাইলে আক্ৰমণ আৰম্ভ কৰিছিল ছিৰিয়াৰ ওপৰত। ইজৰাইলৰ সেনাই বুধবাৰে কয় যে ছিৰিয়াৰ সামৰিক ঘাটি ধ্বংস কৰিবলৈ যোৱা ৪৮ ঘণ্টাত ৪০০ বাৰতকৈয়ে অধিক বাৰ আক্ৰমণ চলাইছে ছিৰিয়াৰ ওপৰত ।

Advertisment

 

দেওবাৰে আছাদৰ ২৪ বছৰীয়া শাসনৰ অন্ত পৰাৰ পিছৰে পৰা ছিৰিয়াৰ সীমান্তৱৰ্তী ইজৰাইলে গোলান উচ্চতাৰ পূব দিশৰ বাফাৰ জনলৈ সৈন্য প্ৰেৰণ কৰি ছিৰিয়াৰ কৌশলগত সামৰিক সম্পত্তিৰ ৭০-৮০% ধ্বংস কৰিছে ।

যোৱা ৪৮ ঘণ্টাৰ ভিতৰত ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে ছিৰিয়াৰ প্ৰায়বোৰ কৌশলগত অস্ত্ৰৰ ভাণ্ডাৰত আক্ৰমণ কৰে । ইজৰাইলী সেনাই উল্লখ কৰে যে অস্ত্ৰসমূহ যাতে সন্ত্ৰাসবাদীৰ হাতত নপৰে তাৰ বাবে ইজৰাইলে ছিৰিয়াৰ সামৰিক ঘাটি সমূহ ধ্বংস কৰিছে ।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুয়ে কয় যে বাছাৰ আল আছাদৰ পতন হমধ্যপ্ৰাচ্যৰ বাবে এক ঐতিহাসিক দিন। তেওঁ কয় যে এই পৰিঘটনাসমূহ আমি আছাদৰ মূল সমৰ্থক ইৰাণ আৰু হিজবুল্লাহৰ ওপৰত কৰা আঘাতৰ প্ৰত্যক্ষ ফল

 

বিদ্ৰোহীৰ আক্ৰমণৰ পিছত আছাদে ৰাছিয়ালৈ পলায়ন কৰিবলগীয়া হোৱাৰ কেইঘণ্টামানৰ পাছত দেওবাৰে ভিডিঅ বিবৃতিত তেওঁ কয় যে ই সমগ্ৰ মধ্যপ্ৰাচ্যতে শৃংখলাবদ্ধ প্ৰতিক্ৰিয়াৰ সূচনা কৰিছে, এই নিপীড়নকাৰী শাসন ব্যৱস্থাৰ পৰা মুক্ত হব বিচৰাসকল সক্ৰিয় হৈছিল নৱেম্বৰৰ শেষৰ ফালে।

ইজৰাইলে যোৱা কেইমাহমানৰ পৰা ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ কমাণ্ডাৰ আৰু পেলেষ্টাইনী হামাছ আৰু লেবাননৰ হিজবুল্লাহৰ জ্যেষ্ঠ নেতাক হত্যা কৰিছে, যি দুয়োজনেই ইৰাণৰ সমৰ্থনত আছিল ।

ইজৰাইল ছিৰিয়া