/asomiyapratidin/media/media_files/2025/05/16/M6YOYeG9VCJacOyixFF6.jpg)
ইছমাইল হুছেইনক আটক
ডিজিটেল সংবাদ, মঙলদৈঃ সাহিত্যিক ইছমাইল হুছেইনক আটক কৰিছে মঙলদৈ আৰক্ষীয়ে। হুছেইনৰ বিৰুদ্ধে সামাজিক মাধ্যমত এগৰাকী মহিলাক অশালীন মন্তব্য কৰাৰ অভিযোগ। মহিলাগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আটক কৰিছে আৰক্ষীয়ে। মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন জ্যোতি বৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে যোৰহাটৰ গড়আলিৰ পৰা আটক কৰে হুছেইনক।
উল্লেখযোগ্য যে, ইছমাইল হুছেইন কৰ্মসূত্ৰে গুৱাহাটীত থাকে যদিও আৰক্ষীয়ে মোবাইল লোকেচনৰ ভিত্তিত যোৰহাটৰ গড়আলিৰ পৰা আটক কৰে। তেওঁ কি কাৰণত যোৰহাটত আছিল সেই কথা এতিয়াও জানিব পৰা হোৱা নাই।
ইফালে, ইছমাইল হুছেইনক আটক কৰাৰ পাছতে আৰক্ষীক ধন্যবাদ জনালে ইছমাইল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা মহিলাগৰাকীয়ে। মহিলাক এনেধৰণৰ অশালীন মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিবলৈ জনায় আহ্বান ।