ডিজিটেল ডেস্ক : আই এছ এলৰ চলিত ছিজনত সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা নর্থ-ইষ্ট ইউনাইটেড এফ চিয়ে শুকুৰবাৰে অনুষ্ঠিত এখন গ্রুপ লীগৰ মেচত পইন্ট ভগাইছে। ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত এই মেচখনত মহমেদান এফ চিৰ বিৰুদ্ধে নর্থ-ইষ্টে গ'লশূন্য ড্র খেলে।
উল্লেখযোগ্য যে এয়া হৈছে উত্তৰ-পূবৰ দলটোৰ চতুৰ্দশ মেচত চতুর্থ ড্র। দলটোৱে ৬ খন মেচত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে ৪খনত পৰাজয়ৰ মুখ দেখিছে। ১৪ খন মেচৰ পৰা মুঠ ২২ পইন্ট সংগ্রহ কৰি তালিকাৰ তৃতীয় স্থানত আছে নর্থ-ইষ্ট ইউনাইটেড।