তিনিচুকীয়াত আটক আই এছ আইৰ এজেণ্ট !

হোটেল ছেফায়াৰৰ পৰা আটক কৰা হৈছে সদস্যজনক

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত আটক আই এছ আইৰ এজেণ্ট !

isi agent

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ সন্ত্ৰাসমূলক কাৰ্যকলাপ অব্যাহত। এইবাৰ তিনিচুকীয়াৰ পৰা আটক কৰা হৈছে সন্দেহযুক্তি আই এছ আইৰ সদস্য। তিনিচুকীয়াৰ হোটেল ছেফায়াৰৰ পৰা আটক কৰা হৈছে এই সন্দেহজনক আই এছ আইৰ সদস্যক।

Advertisment

আটকাধীন আই এছ আইৰ সন্দেহজনক সদস্যজনৰ নাম মহম্মদ হায়াট খাতিব। আনহাতে আৰক্ষীয়ে হায়াট খাতিবৰ পত্নী ছামিনা যাকুবকো আটক কৰিছে। ভাৰতীয় সেনা আৰু তিনিচুকীয়া আৰক্ষীৰ যুটীয়া অভিযানত আটক কৰা হয় দুয়োকে।

জানিব পৰা মতে আটকাধীন সন্দেহজনক আই এছ আইৰ সদস্যজনৰ ঘৰ কৰ্ণাটকৰ হুবলিত।

Assam police isi agent tinsukia