প্ৰয়াত বনমালী সূতৰ পুত্ৰকে ধৰি ঢকুৱাখনাৰ দুই মেধাৱী ছাত্ৰ নীটত উত্তীৰ্ণ

নিজস্ব মেধাৰ বুনিয়াদত সৰ্বভাৰতীয় স্তৰৰ এই বাচনি পৰীক্ষাত অৱতীৰ্ণ হৈ ঢকুৱাখনাৰ আৰু কেইগৰাকীমান কৃতিমানে ইস্পিত সাফল্য অর্জন কৰাৰ খবৰ আহিছে ।

author-image
Asomiya Pratidin
New Update
নীটত উজলিল ঢকুৱাখনাৰ ঈশান বল্লভ-লিজা

নীটত উজলিল ঢকুৱাখনাৰ ঈশান বল্লভ-লিজা

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ নীট পৰীক্ষাত পুনৰ ঢকুৱাখনাক সমুজ্জল কৰিলে দুই কৃতিমান শিক্ষাৰ্থীয়ে। সৰ্বভাৰতীয় পৰ্য্যায়ৰ নীট, ইউজি ২০২৫ৰ সদ্য ঘোষিত ফলাফল অনুসৰি ঢকুৱাখনাৰ ঘাহি গাঁও নিবাসী প্ৰয়াত শিক্ষাগুৰু বনমালী সূত আৰু জাতীয় বিদ্যালয় সোনাৰী চাপৰিৰ শিক্ষয়িত্ৰী প্ৰাগজ্যোতিস্মৃতা চুতীয়াৰ একমাত্ৰ পুত্ৰ ঈশান বল্লভ সূতে মুঠ ৭২০ নম্বৰৰ ভিতৰত ৪৮৪ নম্বৰ লাভ কৰি সৰ্বভাৰতীয় স্তৰত ৭১,৯৯১ নম্বৰত উত্তীৰ্ণ হবলৈ সক্ষম হৈছে। আনহাতে, ঢকুৱাখনা আমোলাপট্টিৰ নিবাসী ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক শ্যাম কুমাৰ ঢাকাল আৰু ঢকুৱাখনা টাউন উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী জানুকা পুখৰেলৰ কন্যা লিজা দেৱীয়ে সৰ্বমুঠ ৫৫৬ নম্বৰ লাভ কৰি সৰ্বভাৰতীয় স্তৰত ৯,৬৫৩ নম্বৰত কৃতিত্বৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে। 

Advertisment

উল্লেখযোগ্য যে, কেৱল ঢকুৱাখনাৰে নহয় সমগ্ৰ ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰখনক কঁপাই গৈছিল ২০২৪ চনৰ ডিচেম্বৰত শিক্ষক বনমালী সূতৰ মৰ্মান্তিক আত্মহত্যাৰ ঘটনাই। সেই চাঞ্চল্যকৰ আত্মহত্যা ঘটনাক আত্মহত্যাৰ পৰিবৰ্তে এক অপৰাধী মানসিকতা সম্পন্ন অশুভচক্ৰৰ পৰিকল্পিত হত্যা বুলিহে ব্যাপক ৰাজহুৱা অভিযোগ উত্থাপিত হোৱাৰ লগতে মৃতকৰ দুৰ্ভগীয়া পত্নীয়েও এই একেই অভিযোগ উত্থাপন কৰিছিল। সেইগৰাকী শিক্ষকৰে সন্তান হৈছে ঈশান বল্লভ।

নিজস্ব মেধাৰ বুনিয়াদত সৰ্বভাৰতীয় স্তৰৰ এই বাচনি পৰীক্ষাত অৱতীৰ্ণ হৈ ঢকুৱাখনাৰ আৰু কেইগৰাকীমান কৃতিমানে ইস্পিত সাফল্য অর্জন কৰাৰ খবৰ আহিছে। এই দুই প্ৰচুৰ মেধা সম্পন্ন শিক্ষাৰ্থীযে ৰাজ্যখনৰ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাশাস্ত্ৰৰ শিক্ষা গ্ৰহণৰ সুযোগ পোৱাটো নিশ্চিত হৈছে।  উল্লেখযোগ্য যে, বিগত প্ৰায় এক দশক জোৰা সময়ছোৱাত সণ্ঢালনী ভাবে ঢকুৱাখনাৰ অধ্যয়নশীল মেধাবী যুৱ প্ৰজন্মৰ শিক্ষাৰ্থী সকলে নিজস্ব অধ্যৱসায়ৰ বলত বিদ্যায়তনিক ক্ষেত্ৰখনত নিজৰ নাম স্বৰ্ণউজ্জ্বল আখৰেৰে লিপিবদ্ধ কৰি ঢকুৱাখনাৰ শিৰোন্নত কৰি তোলা দৃষ্টিগোচৰ হৈছে। ঢকুৱাখনাৰ শৈক্ষিক স্বাভিমানৰ এনেবোৰ সমুজ্জল আকৰকলৈ গৌৰবান্বিত অভিভাৱক, শুভাকাংক্ষী তথা সমজিলাবাসী । 

স্মৰ্তব্য যে, ঢকুৱাখনা কমাৰ গাঁওৰ নিবাসী দীপেন শইকীয়া আৰু ৰুণু কোচৰ পুত্ৰ অভিষেক শইকীয়াই প্ৰথমটো লক্ষ্যতে  ২০২৫-২০২৬ বর্ষৰ সৰ্বভাৰতীয় এন আই টিত ভাৰতবৰ্ষৰ ভিতৰত উত্তীৰ্ণ হোৱা মুঠ ২৬ হাজাৰ পৰীক্ষাৰ্থীৰ ভিতৰত ২৯৩৯ সংখ্যক স্থান দখল কৰি "ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান"ত শিক্ষা গ্ৰহণৰ সুবৰ্ণ সুযোগ আজুৰি আনিবলৈ সক্ষম হৈছে। সম্প্ৰতি এইগৰাকী মেধাবী ছাত্ৰই ঝাড়খণ্ডৰ ধানবাদ আই আই টিত "কম্পিউটাৰ বিজ্ঞান" পাঠ্যক্ৰমত অধ্যয়নৰ বাবে সুযোগ লাভ কৰিছে । ৬টা ৰাউণ্ডত সম্পন্ন হব লগা "কাউন্সিলিং"ৰ প্ৰথমটো ৰাউণ্ডৰ শেষত এই সুবৰ্ণ সুযোগ লাভ কৰিছে কৃতিমান ছাত্ৰ অভিষেকে । কিন্তু পৰৱৰ্তী সময়ৰ ৰাউণ্ড সমূহলৈ অপেক্ষা কৰি ছাত্ৰজনে নিজৰ পছন্দৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান নিৰ্বাচনৰ ক্ষণ গনিছে ।

ঢকুৱাখনাৰ শৈক্ষিক সম্ভ্রম উজ্বলাই তোলা এইসকল কৃতিমানৰ আৰ্জিত সফলতাত অভিনন্দন জ্ঞাপন কৰিছে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈ, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক জ্ঞানদীপ বৰা, চুতীয়া যুৱ সন্মিলন অসমৰ সম্পাদক কৌস্তভ কিশোৰ চুতীয়া, ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাকে প্ৰমুখ্য কৰি বিভিন্ন ব্যক্তি সংগঠনে।

ঢকুৱাখনা নীট পৰীক্ষা