মৈৰাবাৰীত ৰে'লৱেৰ পথ নিৰ্মাণত অনিয়ম, ৰাইজৰ হেঁচাত পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি

পথটোৰ নিৰ্মাণ কাৰ্য্য চলি থকা অৱস্থাতে চপৰা চপৰে এৰিছে পকী পথৰ ব্লক টেপিং। যাৰবাবে ৰাইজে জবাবদিহি কৰিলে ৰে'ল বিভাগৰ অভিযন্তা হেমেন দাসক।

author-image
Asomiya Pratidin
New Update
fvdddfdfdf

ৰাইজৰ হেঁচাত পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি

ডিজিটেল সংবাদ, মৈৰাবাৰী: মৈৰাবাৰীত ৰে'ল যাত্ৰীৰ সুবিধাৰ্থে এনএফআৰে আবন্টন দিয়া পকী পথ নিৰ্মাণ কাৰ্য্যত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। পথটোৰ নিৰ্মাণ কাৰ্য্য চলি থকা অৱস্থাতে চপৰা চপৰে এৰিছে পকী পথৰ ব্লক টেপিং। যাৰবাবে ৰাইজে জবাবদিহি কৰিলে ৰে'ল বিভাগৰ অভিযন্তা হেমেন দাসক।

উল্লেখযোগ্য যে, মৈৰাবাৰী বজাৰৰ পৰা মৈৰাবাৰী ৰে'লৱে ষ্টেচনলৈ এই পকী পথটো নিৰ্মাণৰ বাবে নিবিদা লাভ কৰে লামডিঙৰ 'মেট্ৰো ইঞ্জিয়াৰিং' নামৰ এটা প্ৰতিষ্ঠানে। শিলগুটিৰ পৰিৱৰ্তে বালিৰ ওপৰতে ব্লক টেপিং পাৰি পথ নিৰ্মাণ কৰাৰ অভিযোগ ৰাইজৰ। ঠিকাদাৰৰ লুণ্ঠনৰ বাবেই দূৰ্নীতিৰ আশ্ৰয় লৈ নিম্ন মানৰ কাম কৰাৰ কথা অকপটে স্বীকাৰ কৰে দায়িত্বত থকা ৰে'লৱে অভিযন্তাই। ৰাইজক অন্ধকাৰত ৰাখি ঠিকাদাৰ গোষ্ঠী আৰু ৰে'ল বিভাগৰ বিষয়াৰ গোপন বুজাবুজিৰে দূৰ্নীতি অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ ৰাইজৰ।

ইফালে, ৰাইজৰ হেঁচাত অভিযন্তা গৰাকীয়ে উক্ত পথটো পুনৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ৰে'ল বিভাগে আবন্টন দিয়া এই পকী পথটোত সংঘটিত দূৰ্নীতি অনিয়মৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে।

মৈৰাবাৰী ৰে'ল উত্তৰ পূব সীমান্ত ৰে'লৱে