শ্বপিং মলত অগ্নিকাণ্ডঃ প্ৰাণ হেৰুৱালে ৫০ জনকৈ লোকে...

আল-কুটৰ এটা পাঁচ মহলীয়া অট্টালিকা নিশাটোৰ ভিতৰতে জুইৰ শিখাই আগুৰি ধৰে, আনহাতে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ পূব ইৰাকৰ অন্তৰ্গত আল-কুট চহৰৰ এটা শ্বপি মলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাত ৫০ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে আল-কুটৰ এটা পাঁচ মহলীয়া অট্টালিকা নিশাটোৰ ভিতৰতে জুইৰ শিখাই আগুৰি ধৰে, আনহাতে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছে।

এই পৰ্যন্ত জুইৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ৰাজ্যপালগৰাকীয়ে কয় যে, ৪৮ ঘণ্টাৰ ভিতৰত তদন্তৰ প্ৰাৰম্ভিক ফলাফল ঘোষণা কৰা হ’ব । গৱৰ্ণৰৰ উদ্ধৃতিৰে সংবাদ সংস্থাই কয় যে, ইতিমধ্যে অট্টালিকাটোৰ মালিকপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

ইৰাক