/asomiyapratidin/media/media_files/2025/07/03/web-ap-iran-2025-07-03-09-36-42.jpg)
ডিজিটেল ডেস্কঃ ওপৰি যিমান বন্ধুত্ব দেখালেও ইৰাণে নাপাহৰে তেওঁলোকৰ বুকুত কৰা এই আক্ৰমণৰ কথা। ইজৰাইলৰ সৈতে মিলি আমেৰিকাই ইৰাণৰ পাৰমাণৱিক ঘাটিত কৰা আক্ৰমণৰ পাশ্বক্ৰিয়া যেন লাহে লাহে আৰম্ভ হৈছে।
শেহতীয়াকৈ ইৰাণে ঘোষণা কৰিছে যে, তেওঁলোকে আগন্তুক দিনসমূহত আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ সৈতে নাথাকে। ইৰাণৰ ৰাষ্ট্ৰপতিয়ে এই ঘোষণা কৰিছে যদিও এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাক এই কথা আনুষ্ঠানিকভাৱে অৱগত কৰা নাই ইৰাণে।
ইৰাণৰ এই সিদ্ধান্তৰ আঁৰত আমেৰিকাই চলোৱা আক্ৰমণ বুলি চৰ্চা হ'লেও দেশখনে মুকলিকৈ এই কথা প্ৰকাশ কৰা নাই। বৰঞ্চ বৈদেশিক সচিবগৰাকীয়ে কয় যে, কূটনৈতিক দিশত আমেৰিকাৰ সৈতে পূৰ্বৰ দৰেই আমাৰ সম্পৰ্ক অটুট আছ আৰু থাকিব।
আমেৰিকাৰ সৈতে যি আলোচনাত বহাৰ কথা ইৰাণে ব্যক্ত কৰিছিল সেই আলোচনাতো এই সিদ্ধান্ত কোনো যতি পেলাব নোৱাৰে বুলি মত ব্যক্ত কৰে ইৰাণৰ বৈদেশিক সচিবগৰাকীয়ে।