ক'ত হেৰাল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামনেই?

সন্ধান নাই ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামনেইৰ। ইজৰাইলৰে চলি থকা যুদ্ধ স্থবিৰ হৈছে যদিও এতিয়াও কোনো খবৰ নাই আয়াতুল্লাহ আলী খামনেইৰ।

author-image
Asomiya Pratidin
New Update
ক'ত হেৰাল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামনেই?

ডিজিটেল ডেস্কঃ সন্ধান নাই ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামনেইৰ। ইজৰাইলৰে চলি থকা যুদ্ধ স্থবিৰ হৈছে যদিও এতিয়াও কোনো খবৰ নাই আয়াতুল্লাহ আলী খামনেইৰ। নেতা গৰাকীৰ বৰ্তমানৰ উপস্থিতিক লৈ আনকি দেশখনতো নানান প্ৰশ্নৰ সৃষ্টি হৈছে। সৃষ্টি হৈছে নানান জল্পনা কল্পনাৰ।

Advertisment

৮৬ বছৰীয়া এই নেতাগৰাকী ইৰাণতেই আছে নে দেশৰ পৰা আন কোনো সুৰক্ষিত স্থানত গৈ আশ্ৰয় গ্ৰহণ কৰিছে, তেওঁ সুৰক্ষিত নে কোনো বিপদত আছে তাৰ কোনো খবৰেই পাবলৈ নাই। ইফালে ৮৬ বছৰীয়া এই নেতাগৰাকী শাৰীৰিক ভাৱে অসুস্থ বুলিও এক খবৰ বিয়পি পৰিছে যদিও তাৰ কোনো সত্যতাও নাই।

উল্লেখ্য যে, ইজৰাইলৰ সৈতে সংঘাত আৰম্ভ হোৱাৰ পৰা আয়াতুল্লাহ আলী খামনেইক কোনো ৰাজহুৱা অনুষ্ঠাত দেখা পোৱা নাই। তেওঁ প্ৰদান কৰা নাই ৰাজহুৱা বক্তৃতাও। ইজৰাইলৰ সংঘাতৰ মাজতে তেওঁ আত্মগোপণ কৰা বুলিও খবৰ আহিছিল।

ইজৰাইল আৰু আমেৰিকাই আনকি তেওঁৰ মৃত্যু নিশ্চিত বুলিও ভাবুকি প্ৰদান কৰিছিল। আত্মগোপনৰ এই সময়ছোৱাত তেওঁৰ ঠিকনা যাতে কোনো কাৰণতে শত্ৰু পক্ষৰ হাতত নপৰে তাৰ বাবে তেওঁ আনকি সকলো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ পৰাও আঁতৰত আছিল বুলিও খবৰ প্ৰকাশ পাইছিল।

অৱশ্যে এই খবৰ কিমান সত্য আছিল সেয়া এতিয়াও স্পষ্ট নহয়। কিন্তু যুদ্ধ বিৰতিৰ পিছতো আয়াতুল্লাহ আলী খামনেইৰ কোনো আনুষ্ঠানিক বক্তৃতা নহাত, তেওঁক কোনেও ক’তো প্ৰত্যক্ষ নকৰাত এতিয়া বিষয়টো চৰ্চালৈ আহিছে। 

ইৰাণৰ এক সংবাদ মাধ্যমে খামনেইৰ মুখ্য কৰ্মচাৰীক সৰ্বোচ্চ নেতাগৰাকী ক’ত আছে বুলি প্ৰশ্ন কৰিছে যদিও তাৰ কোনো সঠিক উত্তৰ লাভ কৰা নাই।  খামেনেইৰ মুখ্য কৰ্মচাৰী মেহদি ফজাইলীয়ে তেনে প্ৰশ্নৰ উত্তৰত কয়, তেওঁক বহু চিঠি প্ৰেৰণ কৰি সৰ্বোচ্চ ধৰ্মীয় নেতাগৰাকী ক’ত আছে বুলি প্ৰশ্ন কৰিছে।

এই সকলোকে তেওঁ জনাই দিছে, যিসকলে সৰ্বোচ্চ নেতাক পহৰা দিয়াৰ দায়িত্ব লৈছে তেওঁলোকে তেওঁলোকৰ দায়িত্ব অতি সঠিকভাৱে পালন কৰিছে। ঈশ্বৰৰ কৃপাত আমি আমাৰ নেতাৰ সৈতে বিজয়ৰ উদযাপন কৰিবলৈ সক্ষম হ'ম। তাৰোপৰি তেওঁ খামেনেইৰ বাবে প্ৰাৰ্থনা কৰিবলৈয়ো সকলোকে আহ্বান জনাইছে।

উল্লেখ্য যে, আয়াতুল্লাহ আলী খামেনেইৰ নিৰ্দেশ অবিহনে ইৰাণত কোনো ধৰ্মীয় বা প্ৰশাসনিক কাম কৰা সম্ভৱ নহয়। সামৰিক বিষয়তো তেওঁৱেই গ্ৰহণ কৰে চূড়ান্ত সিদ্ধান্ত। সেয়ে কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিতো ইৰাণৰ সেনাক আক্রমণ কৰিবলৈ তেওঁৱেই নির্দেশ দিছিল বুলি ধাৰণা কৰা হৈছে। 

ইজৰাইলৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছত খামেনেই অজ্ঞাত স্থানৰ পৰা কেইবাবাৰো নিজৰ বক্তব্য ৰাখিছিল। এই বক্তব্যত ইৰাণৰ অতীত সংগ্ৰামৰ ইতিহাস সোঁৱৰাই দি ইজৰাইলকো সকীয়নী প্ৰদান কৰিছিল। কিন্তু যুদ্ধৰ তীব্ৰতা বাঢ়ি অহাৰ লগে লগে তেওঁ আত্মগোপন কৰে।  

 

আমেৰিকা মধ্যপ্ৰাচ্য ইৰাণ ইৰাণ ইজৰাইল যুদ্ধ