ট্ৰাম্প, ইজৰাইলৰ ভাবুকিৰ মাজতে ইৰাণে ঘোষণা কৰিলে যুদ্ধ !

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দিয়া বিনা চৰ্ত আত্মসমৰ্পণৰ প্ৰস্তাৱৰ প্ৰতি একমত নহয় বুলি স্পষ্ট কৰি দিছে ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেই।

author-image
Asomiya Pratidin
New Update
ট্ৰাম্প, ইজৰাইলৰ ভাবুকিৰ মাজতে ইৰাণে ঘোষণা কৰিলে যুদ্ধ !

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে দিয়া বিনা চৰ্ত আত্মসমৰ্পণৰ প্ৰস্তাৱৰ প্ৰতি একমত নহয় বুলি স্পষ্ট কৰি দিছে ইৰাণৰ উচ্চতম নেতা আয়াতুল্লাহ আলী খামেনেই। ট্ৰাম্পে সকীয়াই দিয়াৰ কিছু ঘণ্টাৰ ভিতৰতে তেওঁ ‘যুদ্ধ আৰম্ভ’ হোৱা বুলিও ঘোষণা কৰিছে। তাৰোপৰি ইজৰাইলৰ শাসকীয় চৰকাৰখনক ‘সন্ত্রাসবাদী ইহুদী চৰকাৰ’ বুলিও অভিহিত কৰে৷

Advertisment

খামেনেই নিজৰ এক্স হেণ্ডেলত ধাৰাবাহিকভাৱে কেইবাটাও পোষ্ট কৰিছে।তাৰে এটা পোষ্টত তেওঁ যুদ্ধ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছে। কিন্তু সেই পোষ্টত তেওঁ এই যুদ্ধ কাৰ বিৰুদ্ধে সেয়া স্পষ্টকৈ উল্লেখ কৰা নাই। 

পাৰ্চী ভাষাত লিখা পোষ্টটোৰ লগতে খামেনেই এখন ছবিও শ্বেয়াৰ কৰিছে। ছবিখনত দেখা গৈছে এজন মানুহে হাতত তৰোৱাল লৈ দুৰ্গৰ প্ৰৱেশদ্বাৰৰ সন্মুখত থিয় হৈ আছে। তেওঁৰ পিছফালে তেওঁৰ অনুগামীসকল। আৰু আকাশৰ পৰা সৰি পৰিছে উল্কাপিণ্ড।

তাৰোপৰি আন এক পোষ্টত ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুজনে লিখিছে, "আমি সন্ত্ৰাসবাদী জায়নিষ্ট শাসনৰ বিৰুদ্ধে কঠোৰ সঁহাৰি দিব লাগিব। আমি কোনো জিয়নিষ্টক দয়া প্ৰদৰ্শন নকৰো!"

ভাৰতীয় সময় অনুসৰি মঙলবাৰে খামেনেইক সকীয়াই দিছিল ডনাল্ড ট্ৰাম্পে। তেওঁ কেৱল খামেনেই নহয়, ইৰাণকো "ধ্বংস" কৰাৰ ভাবুকি দিছিল। মঙলবাৰে নিশা ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া ট্ৰুথ ছ’চিয়েলত কেইবাটাও পোষ্ট কৰিছিল, য’ত তেওঁ ইৰাণক “বিনা চৰ্তত আত্মসমৰ্পণ” কৰিবলৈ দাবী জনাইছিল। 

ইয়াৰ উপৰিও ট্ৰাম্পে দাবী কৰি কয় যে, "আমি নিবিচাৰো সাধাৰণ নাগৰিক বা আমেৰিকান সৈনিকৰ ওপৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হওক। কিন্তু আমাৰ ধৈৰ্য্য শেষ হৈ গৈছে।" 

একে সময়তে আন এটা পোষ্টত ট্ৰাম্পে কয় যে, এতিয়াৰ বাবে ইৰাণৰ সৰ্বোচ্চ নেতাক হত্যাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰো। তেওঁ লিখিছে, "আমি জানো তথাকথিত সৰ্বোচ্চ নেতাজন ক'ত লুকাই আছে। তেওঁ সহজ লক্ষ্য, কিন্তু তেওঁ তাত নিৰাপদ। আমি তেওঁক এতিয়াই বাহিৰ (হত্যা!) কৰি নিদিওঁ।  

ট্ৰাম্পৰ এই পোষ্টৰ কিছু ঘণ্টাৰ ভিতৰতে খামেনেই ইৰাণৰ স্থিতি স্পষ্ট কৰি দিয়ে। অৱশ্যে তেওঁ প্ৰত্যক্ষভাৱে ট্ৰাম্প বা আমেৰিকাক লক্ষ্য কৰি লোৱা নাই। কেৱল ট্ৰাম্পেই নহয়, ইজৰাইলেও খামেনেইক হত্যা কৰাৰ ভাবুকিও দিছে।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে ইৰাকৰ একনায়কত্ববাদী ছাদ্দাম হুছেইনৰ ফাঁচীৰ উদ্ধৃতি দি সকীয়াই দিছে। তেওঁ কয় যে, “ইৰানে চুবুৰীয়া দেশৰ একনায়কত্ববাদীৰ ওপৰত যি ভয়ংকৰ ভাগ্য ঘটিছিল সেই কথা মনত ৰখা উচিত।”

ইজৰাইলে যোৱা শুকুৰবাৰৰ পৰাই ইৰাণক আক্ৰমণ কৰি আহিছে। ইৰাণেও ইজৰাইলৰ বিৰুদ্ধে প্ৰতিশোধ লৈছে। দুয়োখন দেশৰ মাজত চলি থকা সংঘাতৰ মাজতে ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুজনৰ অৱস্থা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে। 

অৱশ্যে ইৰাণ ইণ্টাৰনেশ্যনেলৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি খামেনেই উত্তৰ-পূব তেহৰাণৰ বাংকাৰত পৰিয়ালৰ সৈতে আশ্ৰয় লৈছে। খামেনেই সেই গোপন আশ্ৰয় শিবিৰৰ পৰাই ‘যুদ্ধ আৰম্ভ’ কৰিছে।

ড'নাল্ড ট্ৰাম্প ইৰাণ ইজৰাইল যুদ্ধ