/asomiyapratidin/media/media_files/2025/03/06/NhHPztN8VWrH7o3Ju4co.jpg)
পিঠিত পৰিল ৭৪টা চাবুকৰ কোব
ডিজিটেল ডেস্ক: ইৰাণৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হৈছে মেহদী য়াৰাহী। হিজাব বিৰোধী আন্দোলনৰ সময়ছোৱাত চৰ্চালৈ আহিছিল এইগৰাকী কণ্ঠশিল্পী। বিভিন্ন সময়ত মহিলাৰ অধিকাৰৰ বাবে মাত মাতি আহিছে মেহদীয়ে। সংগীতৰ জৰিয়তে মহিলাৰ বিৰুদ্ধে হোৱা অবিচাৰ, অনিয়মৰ বিৰুদ্ধেও তেওঁ সাব্যস্ত কৰি আহিছে প্ৰতিবাদ । কিন্তু ইয়াৰ বাবে বাৰে চৰকাৰ তথা ৰাইজৰ ৰোষত পৰিছে কণ্ঠশিল্পী গৰাকী।
ইৰাণত বৰ্তমানেও মহিলাৰ সাজ-পোচাকক লৈ আছে কঠোৰ নিয়ম। ইয়াৰ বিৰুদ্ধে মাত মতাৰ বাবেই কণ্ঠশিল্পী গৰাকীৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ। ২০২৩ চনত হিজাব বিৰোধী আন্দোলনৰ বৰ্ষপূৰ্তিৰ সময়ছোৱাত মুক্তি লাভ কৰিছিল তেওঁৰ 'হেডস্কাৰ্ফ' শীৰ্ষক এটি গীত। গীতটিত মহিলাৰ জীৱন আৰু অধিকাৰৰ কথা উল্লেখ আছিল। কিন্তু ইয়াৰ পিছতে গীতটিৰ বাবে তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল। প্ৰায় ১ বছৰৰো অধিক কাল কাৰাবাসত কটাই বিগত বৰ্ষৰ ডিচেম্বত কাৰামুক্তি পাইছিল মেহদী যাহাৰীয়ে। কিন্তু সেই গীতটিৰ বাবে এতিয়া তেওঁৰ পিঠিত পৰিল ৭৪টা চাবুকৰ কোব। কিয়নো কাৰামুক্তিৰ বাবে তেওঁ দিবলগীয়া হৈছিল ১৫ অৰব টৌমন। পিছে এই ধনৰাশিৰ পৰিৱৰ্তে আদালতে ৭৪টা চাবুকৰ কোব দিবলৈ দিছিল ৰায়। ইয়াৰ পাছতে সামাজিক মাধ্যমত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।
বুধবাৰে আদালতৰ ৰায় অনুসৰি মেহদী যাহাৰীৰ পিঠিত পৰিল ৭৪টা চাবুকৰ কোব।
ইৰাণ চৰকাৰে এতিয়াও বিৰোধীক দমন কৰিবলৈ মধ্যযুগীয় শৈলীৰ সহায় লোৱাক লৈ বিশ্বব্যাপী ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে।
য়াৰাহীৰ শাস্তি সন্দৰ্ভত নোবেল বঁটা বিজয়ী নাৰ্গিছ মহম্মদীয়ে ইনষ্টাগ্ৰামত লিখিছে, "মেহদি য়াৰাহীক কোবাই কোবাই দিয়া শাস্তি ইৰাণৰ মহিলাসকলৰ প্ৰতি কৰা সমৰ্থনৰ প্ৰতিশোধ।"