ইজৰাইলৰ বিৰুদ্ধে বিজয় ঘোষণা ইৰাণৰ....

অৱশেষত আহিল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামনেইৰ আনুষ্ঠানিক বক্তব্য। ইজৰাইলৰে যুদ্ধ বিৰতিৰ পিছত ইৰাণৰ সৰ্বোচ্চ নেতাগাৰকীয়ে এক্সৰ জৰিয়তে দিলে প্ৰথম প্ৰতিক্ৰিয়া।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ যুদ্ধত বিজয় ঘোষণা

ডিজিটেল ডেস্কঃ অৱশেষত আহিল ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামনেইৰ আনুষ্ঠানিক বক্তব্য। ইজৰাইলৰে ১২ দিনীয়া যুদ্ধৰ অন্তত হোৱা যুদ্ধ বিৰতিৰ পিছত ইৰাণৰ সৰ্বোচ্চ নেতাগাৰকীয়ে এক্সৰ জৰিয়তে দিলে প্ৰথম প্ৰতিক্ৰিয়া। এই প্ৰতিক্ৰিয়াত তেওঁ ইৰাণক মহান দেশ আখ্যা দি ইজৰাইলৰ বিৰুদ্ধে বিজয় ঘোষণা কৰিছে।  

Advertisment

উল্লেখ্য যে, যুদ্ধৰ গতি তীব্ৰতা বৃদ্ধি হোৱাৰ সমান্তৰালকৈ আমেৰিকায়ো ইৰাণ আক্ৰমণ কৰাৰ পিছতে আত্মগোপণ কৰিছিল আয়াতুল্লাহে। তাৰ পিছৰ পৰাই ইৰাণৰ এই সৰ্বোচ্চ নেতাগৰাকীৰ ঠিকনাক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আহিছিল। 

ইৰাণৰ চৰকাৰী সংবাদ সংস্থাই আয়ুতুল্লাহ আলী খামেনেইৰ উদ্ধৃতি দি কয় যে, “ইমান কোলাহল আৰু সকলো দাবীৰ মাজতো জিয়নিষ্ট শাসন ব্যৱস্থা প্ৰায় ভাঙি গৈছে আৰু ইছলামিক ৰিপাব্লিকৰ আক্ৰমণে সম্পূৰ্ণৰূপে চেপি ধৰিছে।” 

তেওঁ কয়, "আমেৰিকায়ো এই যুদ্ধত যোগদান কৰিছিল, কাৰণ তেওঁলোকে অনুভৱ কৰিছিল যদি তেওঁলোকে এই যুদ্ধত যোগদান নকৰে তেন্তে ইজৰাইল সম্পূৰ্ণৰূপে ধ্বংস হ'ব। কিন্তু তেওঁলোকেও এই যুদ্ধৰ পৰা একো লাভ নকৰিলে।”  

খামেনেই তেওঁৰ বক্তব্যত ইজৰাইলৰ নাম প্ৰত্যক্ষভাৱে উল্লেখ নকৰি ইয়াক "মিছা জায়নিষ্ট শাসন" বুলিহে উল্লেখ কৰিছে। খামেনেই তেওঁৰ বক্তব্যত উপসাগৰত নিয়োজিত আমেৰিকান বাহিনীৰ ওপৰত ইৰাণে কৰা প্ৰতিশোধমূলক আক্ৰমণৰ কথাও উল্লেখ কৰে। 

তেওঁ কয় এই প্ৰতিশোধমূলক আক্ৰমণৰ ফলত আমেৰিকাৰ সামৰিক আন্তঃগাঁথনিত প্ৰত্যক্ষ আঘাত হৈছে। খামেনেই কয়, ‘ইছলামিক ৰিপাব্লিকে আমেৰিকাৰ মুখত প্ৰচণ্ড জোৰেৰে চৰ মাৰিলে। ই আল-উদেইদ বিমান ঘাটিত আক্ৰমণ কৰি ক্ষতিগ্ৰস্ত কৰিলে। এই অঞ্চলটো আমেৰিকাৰ অন্যতম মূল ঘাটি।'

আন এক মন্তব্যত আয়াতুল্লাহে আমেৰিকাৰ সকীয়াই দি কয় যে, সেই অঞ্চলত আমেৰিকাক ইচ্ছামতে আক্ৰমণ কৰাৰ সামৰ্থ্য আছে ইৰাণৰ আছে। তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলৰ এটা পোষ্টত কয়, "ইছলামিক ৰিপাব্লিকে অঞ্চলটোৰ আমেৰিকাৰ প্ৰধান ঘাটিসমূহত প্ৰৱেশ কৰিব পাৰে আৰু যেতিয়াই প্ৰয়োজন বুলি ভাবে তেতিয়াই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰে।  

তেওঁ আমেৰিকাৰ সামৰিক ঘাটিৰ ওপৰত শেহতীয়াকৈ কৰা আক্ৰমণৰ কথা উল্লেখ কৰি কয়, তেওঁলোকে ভৱিষ্যতেও এনে ব্যৱস্থা পুনৰাবৃত্তি কৰিব পাৰিব। যদি ভৱিষ্যতে তেওঁলোকৰ ওপৰত আক্ৰমণ হয় তেন্তে শত্ৰুৱে নিশ্চিতভাৱে ইয়াৰ যথেষ্ট মূল্য দিব লাগিব বুলিও কয়।

স্মৰ্তব্য আয়াতুল্লাহ আলী খামনেই যোৱা কিছু দিন ধৰি ইৰাণৰ কোনো ৰাজহুৱা স্থানত কোনেও মুকলি দেখা নাই। কোনো মুকলি ভাষণো কোনেও শুনিবলৈ পোৱা নাই। তেওঁ ক’ত আত্মগোপণ কৰি আছে তাৰো তথ্য কাৰো হাতত নাই। অৱশ্যে তেওঁ এক্সৰ জৰিয়তে এই বৰ্তা প্ৰেৰণ কৰাৰ পিছতে তেওঁ যে সুৰক্ষিত হৈ আছে সেই কথা নিশ্চিত হৈছে। 

ইজৰাইল আমেৰিকা ইৰাণ