/asomiyapratidin/media/media_files/2025/06/23/tyu-2025-06-23-08-55-33.jpg)
ডিজিটেল ডেস্কঃ আমেৰিকাই ইৰাণৰ পাৰমানৱিক ঘাটিত আক্ৰমণ কৰাৰ পিছতে বাণিজ্যৰ কৰিডৰ স্বৰূপ ষ্ট্ৰেইট অব হৰমুজ আনুষ্ঠানিকভাৱে বন্ধ কৰিছে ইৰাণে। আমেৰিকাই ফৰ্ড’, নাটাঞ্জ আৰু ইছফাহানকে ধৰি পাৰমাণৱিক ঘাটিত লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰিছে ইৰাণে।
হৰমুজ ষ্ট্ৰেইট হৈছে পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰৰ মাজৰ এক জলপথ আৰু ই পাৰস্য উপসাগৰৰ পৰা মুকলি সাগৰলৈ একমাত্ৰ সাগৰীয় পথ আৰু ই বিশ্বৰ অন্যতম কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বাণিজ্যিক কৰিডৰ। হৰমুজ জলপথ দীৰ্ঘদিন ধৰি বন্ধ হৈ থাকিলে বিশ্বৰ বাণিজ্য আৰু তেলৰ মূল্যত প্ৰভাৱ পৰিব সেয়া খাতাং।
পৰিসংখ্যা অনুসৰি বিশ্বৰ প্ৰায় ২০ শতাংশ তেল আৰু তৰলীকৃত প্ৰাকৃতিক গেছৰ যথেষ্ট অংশ হৰমুজ জলপথৰ মাজেৰে পাৰ হয়। উত্তৰত ইৰাণ, দক্ষিণে ওমান আৰু ইউএইৰ মাজত ই এক বাণিজিক কৰিডৰ। বিশেষকৈ আমেৰিকাই ইজৰাইল-ইৰাণ যুদ্ধত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰাৰ পাছত বৃহৎ সংঘাতৰ সম্ভাৱনাৰ মাজতে এই অঞ্চলটো এক হটস্পটত পৰিণত হৈছে।
ইৰাণে এই পদক্ষেপ গ্ৰহণৰ পিছতে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’য়ে চীনৰ সৈতে যোগাযোগ কৰি আহ্বান জনাইছে যাতে তেওঁলোকে ইৰাণক হৰমুজ বন্ধ নকৰিবলৈ কয়৷ আমেৰিকাই আক্ৰমণৰ পিছতে চীনৰ দ্বাৰা ইৰাণক পথ খুলি দিবলৈ আহ্বান জনাইছে৷ ইৰাণী সংসদে হৰমুজ প্ৰণালী বন্ধ কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱাত বিশ্বৰ প্ৰায় ২০ শতাংশ খনি তেল আৰু গেছ পৰিবাহিত হোৱাত বাধা আহি পৰিছে৷ আমেৰিকাৰ বিদেশ মন্ত্ৰী ৰুবিঅ’য়ে কয় যে মই বেইজিংস্থিত চীন চৰকাক এই বিষয়ে ইৰানৰ সৈতে কথা পাতিবলৈ উৎসাহিত কৰিছো৷
কিয়নো তেলৰ বাবে তেওঁলোকে হৰমুজ প্ৰণালীৰ ওপৰত গভীৰভাৱে নিৰ্ভৰশীল। তেওঁ আৰু কয় যে ইৰাণে এনে কৰি তেন্তে সেইটো এক ডাঙৰ ভুল হ’ব। সেইটো তেওঁলোকৰ বাবে অৰ্থনৈতিক আত্মহত্যাৰ সমান। আমাৰ হাতত ইয়াৰ প্ৰতিক্ৰিয়া দিয়াৰ বিকল্প আছে৷ কিন্তু আন দেশেও ইয়াক গুৰুত্বসহকাৰে চাব লাগিব।
এই পদক্ষেপে আন দেশৰ অৰ্থনীতি আমাতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিব। ৰুবিঅ’য়ে কয় যে প্ৰণালীটো বন্ধ কৰাৰ চেষ্টা হ’লে উত্তেজনা বৃদ্ধি হ’ব আৰু আমেৰিকা তথা অন্যান্য দেশৰ পৰা প্ৰতিক্ৰিয়া হ’ব৷ কিন্তু ৱাশিংটনত অৱস্থিত চীন দূতাবাসে ইয়াৰ বিষয়ে কোনো তৎক্ষণাত মন্তব্য প্রদান কৰা নাই। ৰুবিঅ’য়ে সতৰ্কবাণী দি কয় যে এনে প্ৰতিশোধ লোৱাটো তেওঁলোকৰ জীৱনৰ আটাইতকৈ ভয়ংকৰ ভুল হ’ব। আমেৰিকা ইৰানৰ সৈতে আলোচনা কৰিবলৈ সাজু।
হৰমুজ জলপথ ৩৩ কিলোমিটাৰ বহল আৰু মাত্ৰ ২ কিলোমিটাৰ বহল জাহাজ পথ আছে৷ যাৰ ফলত ই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে অন্যতম ব্যস্ত সাগৰীয় পথ। গতিকে এই পথ বন্ধ হোৱাটো বিশ্ব বাণিজ্যৰ বাবে এক জোকাৰণি। উল্লেখ্য, দেওবাৰে আমেৰিকাই ইৰাণৰ ৩টা পাৰমাণৱিক স্থান যথা ফৰ্ড’, নাটানজ আৰু ইছফাহানত বোমা বিস্ফোৰণ কৰে। এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “আমি ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত আমাৰ অতি সফল আক্ৰমণ সম্পূৰ্ণ কৰিছো, য’ত ফৰ্ড’, নাটাঞ্জ, আৰু এছফাহান আছে।
সকলো বিমান এতিয়া ইৰাণৰ আকাশমাৰ্গৰ বাহিৰত। প্ৰাথমিক স্থানত সম্পূৰ্ণ পেলোড বোমা নিক্ষেপ কৰা হৈছিল। সকলো বিমান নিৰাপদে ঘূৰিছে। আমাৰ মহান আমেৰিকান যোদ্ধাসকলক অভিনন্দন। আন কোনো দেশে এই কাম কৰিব নোৱাৰিলেহেঁতেন এতিয়া শান্তিৰ সময়!” আমেৰিকাই পাৰমাণৱিক স্থানত আক্ৰমণ চলোৱাৰ পাছত বিশ্বই ইৰাণ আৰু ইজৰাইল উভয়কে সংযম ধৰি ৰখাৰ আহ্বান জনোৱাৰ সময়তে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে আমেৰিকাই শেহতীয়া সামৰিক কাৰ্যকলাপৰ জৰিয়তে চলি থকা কূটনৈতিক প্ৰচেষ্টাক ভেঙুচালিৰ অভিযোগ উত্থাপন কৰে।