গোটেই নিশা চলিল মিছাইল আক্ৰমণ-প্ৰত্যাক্ৰমণঃ ইৰাণ-ইজৰাইলৰ মাজত বাঢ়িছে যুদ্ধৰ তীব্ৰতা

বাঢ়িছে যুদ্ধৰ তীব্ৰতা। শুকুৰবাৰে মাজ নিশাৰ পৰা ইৰাণে ইজৰাইলৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত তেল আভিভৰ পৰাও শক্তিশালী ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। 

author-image
Asomiya Pratidin
New Update
গোটেই নিশা চলিল মিছাইল আক্ৰমণ-প্ৰত্যাক্ৰমণঃ ইৰাণ-ইজৰাইলৰ মাজত বাঢ়িছে যুদ্ধৰ তীব্ৰতা

ডিজিটেল ডেস্কঃ  দিন বাগৰাৰ সমান্তৰালকৈ বাঢ়িছে যুদ্ধৰ তীব্ৰতা। শনিবাৰে নৱম দিনত ভৰি দিলে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধই। শুকুৰবাৰে মাজ নিশাৰ পৰা ইৰাণে ইজৰাইলৰ ওপৰত আক্ৰমণ বৃদ্ধি কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত তেল আভিভৰ পৰাও শক্তিশালী ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। 

Advertisment

নিশাৰে পৰা আক্ৰমণ প্ৰত্যাক্ৰমণৰ তীব্ৰতা এইদৰে বৃদ্ধি পাইছে যদিও এতিয়াও অৱশ্যে দুয়ো দেশৰ ক্ষয়-ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই। জানিব পৰা মতে বাতৰি লিখাৰ সময়লৈকে এই আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত আছে। 

ৰয়টাৰত প্ৰকাশিত খবৰ অনুসৰি ভাৰতীয় সময় অনুসৰি পুৱা ২:৩০ বজাত ইজৰাইলৰ সেনাই দেশজুৰি সতৰ্কবাণী জাৰি কৰে। ইৰাণৰ পৰা ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সকীয়াই দিয়া হৈছিল নাগৰিকক।তেল আভিভ আৰু পশ্চিম পাৰকে ধৰি মধ্য ইজৰাইলৰ বেছিভাগ অঞ্চলতে বাজি উঠিছিল ছাইৰেন। 

তাৰ পিছতেই আকাশত দেখা গৈছিল ইৰাণৰ ক্ষেপণাস্ত্ৰ। অৱশ্যে ইজৰাইলৰ সুৰক্ষা ব্যৱস্থাই সেইসমূহ ক্ষেপণাস্ত্ৰ আকাশতে ধ্বংস কৰে বুলি দাবী কৰে। মাজনিশা সঘন বিস্ফোৰণৰ শব্দত কঁপি উঠিছিল দুয়োখন দেশৰ আকাশ। 

আই ডি এফে দাবী কৰা অনুসৰি গভীৰ নিশা তেহৰাণত তেওঁলোকে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি ইৰাণৰ সামৰিক ঘাটি আৰু ক্ষেপণাস্ত্ৰ মজুত স্থানত আঘাত কৰিছে। দক্ষিণ ইজৰাইলক লক্ষ্য কৰি ইৰাণৰ পৰা নিক্ষেপ কৰা হৈছিল অতি কমেও পাঁচটা বেলিষ্টিক মিছাইল।

ইজৰাইলৰ জৰুৰীকালীন সেৱাই প্ৰকাশ কৰা ছবিত দেখা গৈছে মধ্য ইজৰাইলৰ এটা ওখ অট্টালিকাত ক্ষেপণাস্ত্ৰই আঘাত কৰাৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছে। ৰয়টাৰত প্ৰকাশ পোৱ অনুসৰি আকাশৰ মাজত ধ্বংস হোৱা ইৰাণৰ ক্ষেপণাস্ত্ৰৰ ধ্বংসাৱশেষ পৰি এই অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হয়। 

উল্লেখ্য যে, বিগত সপ্তাহৰ শুকুৰবাৰে ইজৰাইলে ইৰাণৰ ওপৰত প্ৰথম আক্ৰমণ চলাইছিল। ইৰাণৰ চাৰিগৰাকী শীৰ্ষ সামৰিক বিষয়া আৰু ৯ গৰাকী পাৰমাণৱিক বিজ্ঞানীৰ এই ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত হয়।

ইয়াৰ পিছতে তেহৰানে প্ৰত্যুত্তৰত প্ৰত্যাক্ৰমণ কৰে। আমেৰিকাৰ মানৱ অধিকাৰ সংগঠনৰ তথ্য অনুসৰি ইৰাণত ৯ দিনীয়া সংঘাতত কমেও ৬৩৯ জন লোকৰ মৃত্যু হৈছে। ইজৰাইলৰ চৰকাৰী পৰিসংখ্যাত এতিয়ালৈকে আনুষ্ঠানিকভাৱে সেই দেশত ২৪ জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।

 

মধ্যপ্ৰাচ্যৰ যুদ্ধ যুদ্ধ ইৰাণ ইজৰাইল যুদ্ধ