/asomiyapratidin/media/media_files/2025/06/18/new ap web iran-5bdb83de.jpg)
ডিজিটেল ডেস্কঃ ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ ফলত ইৰাণত আৱদ্ধ হৈ আছে প্ৰায় ৪,০০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী। ইৰাণৰ উপৰিও কাষৰীয়া দেশসমূহৰো আকাশ অসামৰিক বিমান চলাচলৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত এই শিক্ষাৰ্থীসকল স্বদেশলৈ ঘূৰি অহাতো সম্ভৱ হোৱা নাই।
ভাৰতলৈ তেওঁলোকক কেতিয়া, কেনেকৈ ঘূৰাই আনিব সেয়া এতিয়াও জানিব পৰা নাই। কিন্তু এই সকলো ছাত্ৰই সুৰক্ষিত হৈ আছে বুলি জানিব পৰা গৈছে। তথাপিও এই শিক্ষাৰ্থীসকলৰ আত্মীয় যথেষ্ট উদ্বীগ্ন হৈ আছে।
তেওঁলোকৰ উদ্বেগৰ প্ৰেক্ষাপটতে ভাৰত চৰকাৰে সদৰী কৰিছে যে, তেহৰাণস্থিত ভাৰতীয় দুতাবাসে পৰিস্থিতি অতি সন্তৰ্পণে লক্ষ্য কৰি আছে। বহু শিক্ষাৰ্থীক ইতিমধ্যে সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে।
তাৰোপৰি যিসকল শিক্ষাৰ্থীৰ লগতে ভাৰতীয় নাগৰিক তেহৰাণত আছে তেওঁলোকক নিজৰ ব্যৱস্থাত তেহৰাণ এৰি নিৰাপদ স্থানলৈ যাবলৈ পৰামৰ্শ দিয়া হৈছে। এইলোকসকলৰ সকলো ধৰণৰ সুবিধাৰ বাবে বিদেশ মন্ত্ৰালয়ে এটা ‘হেল্প চেন্টাৰ’ মুকলি কৰিছে। যাতে ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালক সকলো সময়তে সহায় কৰিব পৰা যায়।
ইতিমধ্যে বিবিচিৰ এক প্ৰতিবেদনত ইৰাণত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ বৰ্তমানৰ অৱস্থাৰ লগতে তেওঁলোকৰ আত্মীয়ৰো উদ্বেগজনক পৰিস্থিতি সন্দৰ্ভত বহু তথ্যই উন্মোচিত হৈছে। সেই অনুসৰি জম্মু কাশ্মীৰৰ কুপৱাৰা জিলাৰ ৰৌনক্ অশ্ৰফ নামৰ ছাত্ৰজন বৰ্তমান কোম চহৰত আৱদ্ধ হৈ আছে।
তেওঁ তেহৰাণৰ Iran University of Medical Sciences-ত এমবিবিএছ অধ্যয়ন কৰি আছে। বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত তেওঁ কয়, “আমি প্ৰায় এহেজাৰ ছাত্ৰ-ছাত্ৰী ইয়াত আৱদ্ধ হৈ আছো, তাৰ ভিতৰত আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছে ১৮০ জন।
তেওঁ জনোৱা অনুসৰি তেওঁলোকৰ বিশ্ববিদ্যালয়ৰ কাষতে থকা এটা টেলিভিছন চেনেলৰ মুখ্য কাৰ্যালয়ত ইজৰাইলে আক্ৰমণ কৰিছে। যাৰ বাবে আতংক বৃদ্ধি পাইছে। অন্য এগৰাকী কাশ্মীৰী ছাত্ৰী নুৰ মুনতাহাই জনোৱা অনুসৰি তেওঁলোকক ভাৰতীয় দূতাবাসে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে।
তেওঁ ছিৰাজ মেডিকেল কলেজত অধ্যয়ন কৰি আছে। নুৰ মুনতাহাৰ পিতৃয়ে কয়, তেওঁলোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে যদিও চৰকাৰে সোনকালে ব্যৱস্থা গ্ৰহণ কৰি ভাৰতলৈ ঘূৰাই আনিব লাগে।
উল্লেখ্য যে, জানিব পৰা মতে ইৰাণত আৱদ্ধ হৈ থকা ৪ হাজাৰ শিক্ষাৰ্থীৰ ভিতৰত অধিকাংশই জম্মু কাশ্মীৰৰ। ইমান বৃহৎ সংখ্যক ভাৰতীয় ছাত্ৰ-ছাত্ৰী ইৰাণত আৱদ্ধ হৈ থকাৰ তথ্য প্ৰকাশ পোৱাৰ পিছতে চৰ্চালৈ আহিছে ইৰাণত কি পঢ়িবলৈ যায় ভাৰতীয় শিক্ষাৰ্থীয়ে? কিয় ইৰাণত ভিৰ কৰে ভাৰতীয় শিক্ষাৰ্থীয়ে?
চৰকাৰী তথ্য অনুসৰি, ২০২২ চনলৈকে ইৰাণত প্ৰায় ১,৫০০ ভাৰতীয় ছাত্ৰ-ছাত্ৰী চিকিৎসাশাস্ত্ৰ অধ্যয়ন কৰিছিল। ভাৰতীয় শিক্ষাৰ্থীয়ে ইৰাণত চিকিৎসাশাস্ত্ৰ অধ্যয়ন কৰিবলৈ প্ৰতিবছৰে যাত্ৰা কৰে।
দেশখনত এমবিবিএচৰ শিক্ষাৰ ব্যয় অন্যান্য দেশৰ তুলনাত যথেষ্ট কম।উদাহৰণস্বৰূপে, ছয় বছৰীয়া এমবিবিএছ কোৰ্চৰ বাবে খৰচ ১৫-৩০ লাখ টকাৰ ভিতৰত। খৰচ আৰু পৰিৱেশৰ সুবিধাৰ বাবে বহু কাশ্মীৰী ছাত্ৰ-ছাত্ৰীয়ে ইৰাণলৈ যাত্ৰা কৰে।
ইয়াৰ উপৰিও, ইৰাণ কুম আৰু মাছহাদ চহৰ ছিয়া ধৰ্মীয় শিক্ষাৰ মুখ্য কেন্দ্ৰ হিচাপে পৰিচিত। বহু ভাৰতীয় শিক্ষাৰ্থীয়ে ধৰ্মীয় শিক্ষা লাভৰ উদ্দেশ্যে ইয়ালৈ যায়, আৰু ইৰাণ চৰকাৰে তেওঁলোকৰ শিক্ষাৰ সমস্ত ব্যয় বহন কৰে।
বৰ্তমানৰ যুদ্ধ পৰিস্থিতিত ইৰাণত আৱদ্ধ হৈ থকা ৪০০০ শিক্ষাৰ্থীৰ অধিকাংশই চিকিৎসাশাস্ত্ৰ অধ্যয়নৰ বাবে যোৱা শিক্ষাৰ্থী। তাৰ মাজত আছে বহু সংখ্যক ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা শিক্ষাৰ্থীও।
এই শিক্ষাৰ্থীসকলৰ লগতে দেশখনত বাস কৰা ভাৰতীয় নাগৰিকসকলক ভাৰত চৰকাৰে নিৰাপদ স্থানলৈ গৈ আশ্ৰয় ল’বলৈ আহ্বান জনাইছে আৰু দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে।যিসকলে এতিয়াও দূতাবাসৰ সৈতে সংযোগত নাই তেওঁলোকক নিজৰ স্থান আৰু যোগাযোগ নম্বৰ দূতাবাসক অৱগত কৰিবলৈ অনুৰোধ জনাইছে।
ইজৰাইল-ইৰাণৰ মাজৰ এই সংঘৰ্ষ আৰু কিমান দিনলৈ অব্যাহত থাকে অথবা কোন দিশে গতি কৰে সেয়া এতিয়াও স্পষ্ট নহয়। সেয়ে এই মুহূৰ্তত ইৰাণত আৱদ্ধ হৈ থকা ভাৰতীয় শিক্ষাৰ্থীৰ সুৰক্ষা আৰু তেওঁলোকক ঘৰলৈ ঘূৰাই অনাটো ভাৰত চৰকাৰৰ এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে।