/asomiyapratidin/media/media_files/2025/06/22/ttt-2025-06-22-14-46-35.jpeg)
ডিজিটেল ডেস্কঃ মধ্য প্ৰাচ্যৰ যুদ্ধত আমেৰিকাই সদম্ভ প্ৰৱেশ কৰাৰ পাছতে সমগ্ৰ বিশ্বত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দুভাগত বিভক্ত হৈছে বিশ্বৰ প্ৰখ্যাত কূটনৈতিকবিদসকলো। ইৰাণৰ পৰমাণু ঘাটিত আমেৰিকাৰ আক্ৰমণৰ পাছতে এতিয়া ইৰাণেও ফেপেৰি পাতি ধৰিছে আমেৰিকাক।
এনে সময়তে পোহৰলৈ আহিছে আন এক বিশেষ তথ্য। আমেৰিকাই ইৰাণৰ পৰমাণু ঘাটিত আক্ৰমণ চলালেও আচঁলতে মাৰ্কিন ৰাষ্ট্ৰখনৰ লক্ষ্য কিছু পৃথক বুলি কূটনৈতিকবিদসকলে মতপোষণ কৰিছে। আমেৰিকাই মধ্যপ্ৰাচ্যৰ অন্যতম দেশ ইৰাণত বোমা পেলাই দিয়াৰ পাছতে সমগ্ৰ মধ্য প্ৰাচ্যত জোকাৰণিৰ সৃষ্টি হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, মধ্য প্ৰাচ্য হৈছে সেইটো অঞ্চল, যিটোত বিশ্বৰ ২৬শতাংশ খাৰুৱা তেল মজুত আছে। চাউডী আৰৱ, ইৰাক, ইৰাণ, কুৱেইট আৰু সংযুক্ত ৰাষ্ট্ৰ আমিৰাত হৈছে বিশ্বৰ শীৰ্ষ ১০ তেল উতপাদনকাৰী দেশৰ ভিতৰত অন্যতম।
শেহতীয়াকৈ আমেৰিকাই ইৰাণৰ ওপৰত চলোৱা আক্ৰমণৰ আঁৰত এই বৃহত তেল ভাণ্ডাৰ হস্তগত কৰাৰ পৰিকল্পনা থকাৰো সন্দেহ কৰিছে কূটনৈতিকবিদসকলে। ইৰাণৰ ভূগৰ্ভত আছে ১৫৭.৮বিলিয়ন বেৰেল কেচাঁ তেলৰ ভাণ্ডাৰ। ২০২৩ৰ এক সমীক্ষা অনুসৰি বিশ্বৰ প্ৰায় ১২শতাংশ কেচাঁ তেল মজুত আছে ইৰাণত।
ভেনিজুৱেলা আৰু চাউডী আৰৱৰ পাছত বিশ্বৰ তৃতীয়খন বৃহত তেলৰ ভাণ্ডাৰ থকা দেশখন হৈছে ইৰাণ। আনহাতে ৰাছিয়াৰ পিছতে বিশ্বৰ দ্বিতীয় প্ৰাকৃতিক গেছৰ ভাণ্ডাৰো আছে ইৰাণত। ইৰাণত মজুত হৈ থকা খাৰুৱা তেলৰ বজাৰ মূল্য প্ৰায় ১২ ত্ৰিলিয়ন ডলাৰ। ইৰাণৰ এই বৃহত তেলৰ ভাণ্ডাৰৰ বিপৰীতে আমেৰিকাত মজুত আছে ৬৮.৮বিলিয়ন বেৰেল কেচাঁতেল।
ইৰাণে প্ৰতিদিনে প্ৰায় ৩.৩মিলিয়ন বেৰেল কেচাঁতেল উতপাদন কৰে। কূটনৈতিকবিদেসকলে আশংকা প্ৰকাশ কৰিছে মাধ্য প্ৰাচ্যৰ এই চহকী তেল ভাণ্ডাৰৰ ওপৰত আমেৰিকাৰ চকু বহুদিনীয়া। ট্ৰাম্পে এই যুদ্ধকালীন পৰিৱেশৰ গইনা লৈ ইৰাণৰ এই বৃহত প্ৰাকৃতিক গেছ আৰু তেলৰ ওপৰত কজ্বা কৰিবলৈ চেষ্টা চলাবও পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ পূৰ্বেও গাজাৰ তৈল ভাণ্ডাৰৰ ওপৰত আমেৰিকাই দখল কৰিব বুলি মুকলিকৈ ঘোষণা কৰিছিল মাৰ্কিন চৰকাৰে।