/asomiyapratidin/media/media_files/2025/06/24/war-24-2025-06-24-13-43-33.jpg)
ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ অৱসান ঘটাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে ইৰাণে স্থায়ী যুদ্ধ বিৰতিৰ এই ঘোষণাক অস্বীকাৰ কৰিছে। উল্লেখ্য যে, শনিবাৰে ইৰাণে তেওঁলোকৰ পাৰমাণৱিক স্থানত আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল।
অৱশ্যে আমেৰিকাৰ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি ইৰাণৰ সেই ক্ষেপণাস্ত্ৰক ধ্বংস কৰা হৈছে আৰু কাটাৰত তেওঁলোকৰ কোনো লোকৰে ক্ষতি হোৱা নাই। সেয়া যিয়েই নহওঁক ইৰাণে কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ পিছতে যুদ্ধই অন্য ৰূপ ধাৰণ কৰিব বুলি ধাৰাণা কৰা হৈছিল যদিও মঙলবাৰে তেওঁৰ নিজা সামাজিক মাধ্যম ট্ৰুথ ছ’চিয়েলত দাবী কৰে যে, সকলো পক্ষই যুদ্ধ বিৰতিৰ ওপৰত একমতত উপনীত হৈছে আৰু আশা কৰা হৈছে ইয়াৰ দ্বাৰা সংঘাত আনুষ্ঠানিকভাৱে অন্ত পৰিব।
ট্ৰাম্পৰ এনে দাবীৰ পিছতে ইৰাণে দাবী কৰিছে যুদ্ধ বিৰতিৰ কোনো চুক্তি সম্পন্ন হোৱা নাই। ইজৰাইলে এই সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো মন্তব্য কৰা নাই। ইজৰাইলে মঙলবাৰে পুৱা দাবী কৰিছে, ইৰাণৰ শেহতীয়া ক্ষেপণাস্ত্ৰ আক্ৰমণত দেশখনৰ দক্ষিণ অংশত তিনিজনকৈ লোকৰ মৃত্যু হৈছে।
যুদ্ধ বিৰতিৰ সন্দৰ্ভত ডনাল্ড ট্ৰাম্পৰ মন্তব্য
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ বিৰতিৰ সন্দৰ্ভত কয় যে, আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত এই যুদ্ধ আনুষ্ঠানিকভাৱে সম্পপ্ত হ’ব। তেওঁ ট্ৰুথ ছ’চিয়েলত লিখিছে, এই যুদ্ধ বছৰ বছৰ ধৰি চলি থাকিব পাৰিলেহেঁতেন আৰু সমগ্ৰ মধ্যপ্ৰাচ্যক ধ্বংস কৰিব পাৰিলেহেঁতেন। কিন্তু সেয়া নহ’ল আৰু কেতিয়াও নহ’ব।
ইজৰাইল-ইৰাণৰ এই সংঘাতক আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ‘১২ দিনীয়া যুদ্ধ’ বুলি অভিহিত কৰিছে।
১৩ জুনত ইজৰাইলে ‘অপাৰেচন ৰাইজিং লায়ন’ৰ অধীনত ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক প্ৰতিষ্ঠানসমূহত বিমান আক্ৰমণ চলায়।
ইজৰাইলৰ দাবী অনুসৰি ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ আহৰণৰ উচ্চাকাংক্ষাক ৰোধ কৰিবলৈ এই পদক্ষেপ প্ৰয়োজনীয় আছিল। ইয়াৰ প্ৰতিশোধ হিচাপে ইৰানে টেল আভিভত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলায়।
এই সংঘাতত আমেৰিকাই স্পষ্টভাৱে ইজৰাইলৰ সৈতে থিয় দি আৰু ইৰাণৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰতো আক্ৰমণ কৰে। আমেৰিকাৰ এনে আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ইৰাণে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ সামৰিক ঘাটিবোৰকো লক্ষ্য কৰি লৈছিল।
যুদ্ধ বিৰতি সন্দৰ্ভত ইৰাণৰ প্ৰতিক্ৰিয়া
ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাযছ আৰাঘচিয়ে এক্সত এই যুদ্ধ বিৰতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ লিখিছে, ইৰাণে বাৰে বাৰে স্পষ্ট কৰি দিছে এই যুদ্ধখন ইৰাণে নহয় ইজৰাইলে আৰম্ভ কৰিছিল।
তেওঁ আৰু কয় যে, এতিয়ালৈকে কোনো ধৰণৰ 'যুদ্ধবিৰতি' বা সামৰিক ব্যৱস্থা বন্ধ কৰাৰ ক্ষেত্ৰত কোনো চুক্তি হোৱা নাই। যদি ইৰাণৰ সময় অনুসৰি পুৱা ৪ বজাৰ ভিতৰত ইজৰাইলে ইৰাণৰ বিৰুদ্ধে অবৈধ যুদ্ধ বন্ধ কৰে, তেন্তে প্ৰতিশোধমূলক আক্ৰমণ অব্যাহত ৰখাৰ আমাৰ কোনো উদ্দেশ্য নাই।"
আব্বাছ আৰাঘচিয়ে কয় যে তেওঁলোকৰ পক্ষৰ পৰা সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ সিদ্ধান্ত পিছত লোৱা হ’ব।