পশ্চিমীয়া শক্তিৰ হেঁচাত নতশিৰ হ'ব ইৰাণ ! শুকুৰবাৰে জেনেভাত গুৰুত্বপূৰ্ণ বৈঠক...

ড'নাল্ড ট্ৰাম্পৰ চৰ্তহীন যুদ্ধ বিৰতিৰ বাবে ইৰাণক বাধ্য হ'বলৈ ভাবুকি দিয়াৰ পিছতে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক হত্যা কৰাৰো মুকলি ভাবুকি দিয়া হৈছে।

author-image
Asomiya Pratidin
New Update
war 19

ডিজিটেল ডেস্কঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ চৰ্তহীন যুদ্ধ বিৰতিৰ বাবে ইৰাণক বাধ্য হ'বলৈ ভাবুকি দিয়াৰ পিছতে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইক হত্যা কৰাৰো মুকলি ভাবুকি দিয়া হৈছে। তাৰ পিছতো শিৰনত নকৰি ইজৰাইলৰ বিৰুদ্ধে যুঁজ দি আছে ইৰাণে।

Advertisment

ইৰাণৰ পাৰমাণৱিক গৱেষণাগাৰত মিছাইল নিক্ষেপ কৰাৰ প্ৰত্যুত্তৰ হিচাপে ইৰাণে বৃহস্পতিবাৰে পুৱাৰে পৰা ইজৰাইলৰ ওপৰত ধাৰাসাৰ মিছাইল নিক্ষেপ কৰিছে। কিন্তু তাৰ মাজতে আহিছে এক ডাঙৰ খবৰ।

এক্স হেণ্ডেলত যুদ্ধ অব্যাহত ৰখাৰ ইংগিত দিয়া আয়াতুল্লাহ আলী খামনেই শেহতীয়াকৈ আলোচনাৰ বাবে সাজু হৈছে। পশ্চিমীয়া কেইবাখনো দেশৰ হেঁচাত পৰি আলোচনাৰ বাবে সাজু হৈছে ইৰাণ।

জানিব পৰা মতে শুকুৰবাৰে ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানীৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহিব ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাকচি। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে তেওঁৰ উদ্ধৃতিৰে প্ৰকাশ কৰা এক বাতৰি অনুসৰি ব্ৰিটেইন, ফ্ৰান্স আৰু জাৰ্মানীৰ অনুৰোধত জেনেভাত ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে সেই দেশসমূহৰ প্ৰতিনিধিক সাক্ষাৎ কৰিব। এই বৈঠকত ইউৰোপীয় সংঘৰ শীৰ্ষ কূটনীতিবিদো উপস্থিত থাকিব। 

শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া এই বৈঠকৰ বাবে ইৰাণে সন্মতি দিয়াৰ পিছতে এতিয়া চৰ্চা চলিছে পশ্চিমীয়া দেশৰ হেঁচাত পৰি ইৰাণে এই যুদ্ধত নতশিৰ হ’বলৈ বাধ্য হ’ব নেকি? সূত্ৰ অনুসৰি ব্ৰিটেইন, ফ্ৰান্স আৰু জাৰ্মানীৰ প্ৰতিনিধিয়ে ইউৰোপীয় সংঘৰ শীৰ্ষ কূটনীতিবিদ কাজা কালাছৰ সৈতে ছুইজাৰলেণ্ডৰ জেনেভাত বৈঠকত মিলিত হ’ব।

ইয়াৰ পিছত তেওঁলোকে ইৰাণৰ বৈদেশিক মন্ত্ৰী আৰাকচিৰ সৈতে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ইজৰাইল আৰু ইৰাণৰ যুদ্ধ পৰিস্থিতিৰ মাজতে সক্ৰিয় হৈ পৰিছে ইউৰোপীয় ইউনিয়ন।

ইফালে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি শুকুৰবাৰে হ'বলগীয়া ইৰাণ, ব্ৰিটেইন, ফ্ৰান্স আৰু জাৰ্মানীৰ লগতে ইউৰোপীয় সংঘৰ এই বৈঠকলৈ আমেৰিকায়ো সহযোগিতা আগবঢ়াইছে। এই বৈঠকৰ মূল উদ্দেশ্য ইৰাণৰ পৰা পাৰমাণৱিক শক্তিক বিদ্যুৎ উৎপাদন আৰু নাগৰিক স্বাৰ্থৰ বাহিৰে আন কামত ব্যৱহাৰ নকৰাৰ প্ৰতিশ্ৰুতি আদায় কৰাটো। 

ইউৰোপীয় ইউনিয়ন আৰু তিনিখন দেশৰ সৈতে ইৰাণৰ বৈঠকৰ পিছত বিশেষজ্ঞ পৰ্যায়ৰ আলোচনা হ’ব পাৰে। উল্লেখ্য যে, ইজৰাইলে বাৰে বাৰে দাবী কৰি আহিছে  ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰি আছে আৰু ইয়াৰ ফলত তেওঁলোকৰ ক্ষতি হ’ব পাৰে। 

ইৰাণে সেই দাবী খাৰিজ কৰি আহিছে। তাৰ মাজতেই দুয়োখন দেশৰ মাজত চলি আছে যুদ্ধ। এই যুদ্ধত আমেৰিকা ইজৰাইলৰ কাষত থিয় দি আছে যদিও প্ৰত্যক্ষভাৱে আক্ৰমণ কৰা নাই। কিন্তু কোন মুহূৰ্তত আমেৰিকাই ইৰাণ আক্ৰমণ কৰে তাৰ কোনো নিশ্চয়তা নাই। 

 একাংশ বিশেষজ্ঞৰ দাবী আমেৰিকাই প্ৰত্যক্ষভাৱে এই যুদ্ধত লিপ্ত হব বিচৰা নাই, তাৰ পৰিবৰ্তে অন্য উপায়েৰে ইৰাণ বশ কৰাৰ চেষ্টা চলাইছে। তাৰেই অংশ হয়তো শুকুৰবাৰৰ এই বৈঠক। 

যুদ্ধ ইৰাণ ইজৰাইল যুদ্ধ