/asomiyapratidin/media/media_files/2025/06/26/donald-trump-barak-obama-2025-06-26-21-55-09.jpeg)
ডিজিটেল ডেস্কঃ ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধ বিৰতি হৈছে যদিও যুদ্ধৰ বিতৰ্কই লগ এৰা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক। তেওঁৰ বিৰুদ্ধে আমেৰিকাত উত্থাপন হৈছে কেইবাটাও গুৰুতৰ অভিযোগ। উল্লেখ্য যে, ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ কংগ্ৰেছৰ অনুমোদন অবিহনে ইৰাণৰ তিনিটা পাৰমাণৱিক স্থানত একপক্ষীয়ভাৱে আক্ৰমণৰ নিৰ্দেশ দি দেশখনৰ আইন উলংঘা কৰা অভিযোগ উঠিছে।
এই অভিযোগ উত্থাপন কৰিছে দেশখনৰ বিৰোধী দল ডেম’ক্ৰেটিক পাৰ্টিয়ে। আনকি ট্ৰাম্পৰ নিজৰ দল ৰিপাব্লিকান পাৰ্টিৰ ভিতৰতো এনে অভিযোগ উত্থাপন হৈছে। যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে আমেৰিকাৰ নিম্ন সদন হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছত ট্ৰাম্পৰ বিৰুদ্ধে সাংবিধানিক নিয়ম উলংঘা কৰাৰ বাবে এটা প্ৰস্তাৱ উত্থাপন কৰা হৈছে।
ট্ৰাম্পৰ বিৰুদ্ধে এনে অভিযোগ উঠাৰ লগে লগে পেণ্টাগণে তেওঁৰ সপক্ষে কেইবাটও যুক্তি আগবঢ়াইছে। তাৰ ভিতৰত উল্লেখনীয় যুক্তি হিচাপে প্ৰকাশ কৰিছে বাৰাক ওবামাৰ কাৰ্যকালৰ ঘটনাৰাজিও। পেণ্টাগণে প্ৰকাশ কৰা মতে ডেম’ক্ৰেট নেতা বাৰাক ওবামা আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত এটা দশক পূৰ্বে একে কামেই কৰিছিল।
কেৱল ২০১৬ চনতেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ অজুহাতত কংগ্ৰেছৰ কোনো অনুমোদন অবিহনে সাতখন দেশ—পাকিস্তান, আফগানিস্তান, ইৰাক, লিবিয়া, ছোমালিয়া, ছিৰিয়া, আৰু য়েমেনত ২৬,১৭১টা বোমা আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল।
সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি আমেৰিকাৰ বায়ুসেনা, বৈদেশিক সম্পৰ্ক কাউন্সিল, লং ৱাৰ জাৰ্নেল আৰু নিউ আমেৰিকা ফাউণ্ডেচনৰ পৰা বিভিন্ন তথ্য পৰীক্ষাৰ অন্তত নিশ্চিত হৈছে যে, ২০০১ চনত অনুমোদিত সন্ত্ৰাসবাদ বিৰোধী আইন ‘অথৰাইজেচন ফৰ ইউজ অৱ মিলিটাৰী ফৰ্চ’ (AUMF) ব্যৱহাৰ কৰি এছিয়া আৰু আফ্ৰিকাৰ সাতখন দেশত আমেৰিকাৰ যুদ্ধ বিমান আৰু ড্ৰ’ন আক্ৰমণৰ নিৰ্দেশ দিছিল বাৰাক ওবামাই।
ফলত তেওঁৰ এই পদক্ষেপ 'অবৈধ' হিচাপে বিবেচিত নহ’ল। স্বাভাৱিকতে এতিয়া প্ৰশ্ন হয় ‘অথৰাইজেচন ফৰ ইউজ অৱ মিলিটাৰী ফৰ্চ’ আচলতে কি? ৯/১১ৰ আক্ৰমণৰ পিছত তেতিয়াৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুশ্বৰ কাৰ্যকালত আল কায়দাকে ধৰি বিভিন্ন সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে ক্ষিপ্ৰ সঁহাৰি জনোৱাৰ উদ্দেশ্যে কংগ্ৰেছৰ দুয়োখন সদনে এই আইনখনক অনুমোদন জনাইছিল।
এই আইন অনুসৰি কংগ্ৰেছৰ অনুমোদন অবিহনে ওছামা বিন লাডেনৰ আল কায়দা বা ইয়াৰ সংযুক্ত তালিবানৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ ক্ষমতা আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ। সাতখন দেশত ২৬ হাজাৰ বোমা নিক্ষেপ কৰাৰ ক্ষেত্ৰত এই আইনখন আছিল বাৰাক ওবামাৰ আহিলা।
উল্লেখ্য যে, ছিয়া প্ৰধান ইৰাণে সদায় আল কায়দা আৰু আইছিছৰ দৰে চুন্নী সন্ত্ৰাসবাদী সংগঠনৰ বিৰোধিতা কৰি আহিছে। ইৰাণৰ বিৰুদ্ধে উগ্ৰপন্থী কাৰ্যকলাপৰ কোনো অভিযোগ উত্থাপন হোৱা নাই। সেয়েহে কংগ্ৰেছক ‘অন্ধকাৰত’ ৰাখি ট্ৰাম্পে যোৱা দেওবাৰে ইৰাণৰ ফৰ্ড’, নাটানজ আৰু ইছফাহানৰ পাৰমাণৱিক কেন্দ্ৰত ৩৬টা বাংকাৰ ব্লাষ্টাৰ ছিৰিজৰ জি বি ইউ-৫৭ বোমা আৰু টমাহক ক্ৰুজ মিছাইলেৰে আক্ৰমণ কৰা বুলি যুক্তি দৰ্শাইছে যদিও সেয়া বৈধ হিচাপে পতিয়ন নিয়াব পৰা নাই।
ডেম’ক্ৰেটৰ উপৰিও হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ প্ৰভাৱশালী ৰিপাব্লিকান সদস্য থমাছ মেছিয়ে ইৰাণ আক্ৰমণৰ লগে লগে এক্সৰ এটা পোষ্টত লিখিছিল, “আমেৰিকাৰ সংবিধানৰ অধীনত এই আক্ৰমণ বৈধ নহয়।”
ট্ৰাম্পৰ দলৰ আন কেইবাজনো চিনেটৰ আৰু হাউছ মেম্বাৰেও একে কথা কৈছে। তেওঁলোকৰ যুক্তি হ’ল আমেৰিকাক আক্ৰমণ নকৰালৈকে যিকোনো দেশক আক্ৰমণ কৰিবলৈ কংগ্ৰেছৰ অনুমোদন অতি প্ৰয়োজনীয়। আক্ৰমণৰ পূৰ্বে ইৰাণে পশ্চিম এছিয়া বা আমেৰিকাৰ ভূখণ্ডত থকা কোনো আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ কৰা নাছিল।
ইৰাণ সংকটৰ সন্দৰ্ভত ৰিপাব্লিকান নেতা তথা হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছৰ অধ্যক্ষ মাইক জনছনে ট্ৰাম্পৰ পক্ষ লৈছে। তেওঁ কয় যে, “আমেৰিকাৰ বহু ৰাষ্ট্ৰপতিয়ে বিগত সময়ত জৰুৰীকালীন অৱস্থাত একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে।”
তেওঁৰ এই যুক্তিকো ইতিহাসৰ উদাহৰণেৰে শুদ্ধ বুলি দাবী কৰিছে একাংশই। কংগ্ৰেছৰ অনুমোদন অবিহনে ১৯৫০ চনত কোৰিয়া যুদ্ধলৈ ৱাশ্বিংটনে সৈন্য প্ৰেৰণ কৰিছিল। তেতিয়াও আমেৰিকাক আক্ৰমণ কৰা হোৱা নাছিল।
তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যুক্তি দিছিল যে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই তেওঁ কোৰিয়াক ৰক্ষা কৰিবলৈ সৈন্য প্ৰেৰণ কৰিছিল। ১৯৮০ চনত ৰ’নাল্ড ৰেগানে কংগ্ৰেছৰ অনুমোদন অবিহনে লিবিয়া, গ্ৰেনাডা আৰু লেবাননলৈ সৈন্য প্ৰেৰণ কৰিছিল।
ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ উত্তৰাধিকাৰী জৰ্জ বুশ্ব ছিনিয়ৰে কংগ্ৰেছক অৱগত নকৰাকৈয়ে একপক্ষীয়ভাৱে পানামাৰ একনায়কত্ববাদী মেনুৱেল ন’ৰিয়েগাক উৎখাত কৰাৰ বাবে সামৰিক অভিযান চলাবলৈ নিৰ্দেশ দিছিল।