আমেৰিকাৰ আক্ৰমণৰ পিছতো সুৰক্ষিত ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ ! সংবাদ মাধ্যমৰ প্ৰতিবেদনত ক্ষোভিত ট্ৰাম্প

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ মাজতে প্ৰৱেশ কৰি আমেৰিকাই ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ কৰিলেও ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰৰ কোনো বিশেষ ক্ষতি কৰিব নোৱাৰিলে আমেৰিকাই।

author-image
Asomiya Pratidin
New Update
আমেৰিকাৰ আক্ৰমণৰ পিছতো সুৰক্ষিত ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ ! সংবাদ মাধ্যমৰ প্ৰতিবেদনত ক্ষোভিত ট্ৰাম্প

ডিজিটেল ডেস্কঃ ইৰাণ-ইজৰাইলৰ যুদ্ধৰ মাজতে প্ৰৱেশ কৰি আমেৰিকাই ইৰাণ আক্ৰমণ কৰিলেও ইৰাণৰ কোনো বিশেষ ক্ষতি কৰিব নোৱাৰিলে আমেৰিকাই। শেহতীয়াকৈ আমেৰিকাৰ সংবাদ মাধ্যমে পেণ্টাগনৰ এক বিশেষ প্ৰতিবেদনক লৈ বাতৰি প্ৰকাশ কৰিছে।

Advertisment

পেণ্টাগনৰ এই গোপন প্ৰতিবেদন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগে লগে ক্ষোভিত হৈ পৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প।ক্ষোভিত ট্ৰাম্পে এই প্ৰতিবেদনক অসত্য আৰু দেশক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ বুলি দাবী কৰিছে। 

উল্লেখ্য যে, চি এন এন, নিউয়ৰ্ক টাইমছে পেণ্টাগনৰ একাংশ বিষয়াৰ উদ্ধৃতিৰে আমেৰিকাই ইৰাণৰ ওপৰত কৰা আক্ৰমণৰ সন্দৰ্ভত সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছে। এই বাতৰিত দাবী কৰা হৈছে যে, আমেৰিকাৰ বাংকাৰ ব্লাষ্টাৰ বোমাই ইৰাণৰ পাৰমাণৱিক ঘাটিত আঘাত কৰিছে যদিও ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক কেইমাহমান পিছুৱাই দিয়াৰ বাহিৰে বিশেষ ক্ষতি কৰিব পৰা নাই।

তাৰোপৰি আমেৰিকাৰ এই আক্ৰমণৰ পূৰ্বেই পাৰমাণৱিক কেন্দ্ৰৰ পৰা অতি কমেও ৪০০ কিলোগ্ৰাম ইউৰেনিয়াম নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হৈছে বুলিও দাবী কৰা হৈছে।  প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি এই ৪০০ কিলোগ্ৰাম ইউৰেনিয়ামৰ সহায়ত ১০ টা পাৰমাণৱিক বোমা নিৰ্মাণ কৰিব পৰা যাব।

এই প্ৰতিবেদন ৰাজহুৱা হোৱাৰ লগে লগে ক্ষোভত উঠলি উঠিছে ট্ৰাম্প। তেওঁ এই প্ৰতিবেদনক অসত্য বুলি দাবী কৰি এয়া দেশক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ বুলি দাবী কৰিছে। ট্ৰাম্পে সামাজিক মাধ্যমত লিখিছে, চি এন এন আৰু নিউয়ৰ্ক টাইমছে কেৱল অসত্য প্ৰচাৰ কৰাই নহয়, এনে বাতৰি দেশক দুৰ্বল কৰাৰো ষড়যন্ত্ৰ

ইতিহাসৰ আটাইতকৈ সফল সামৰিক অভিযানক বদনাম কৰিবলৈ দুয়োটা সংবাদ মাধ্যমে একেলগে কাম কৰি আছে। ইৰাণৰ পাৰমাণৱিক ঘাটি সম্পূৰ্ণৰূপে ধ্বংস হৈছে।  

উল্লেখ্য যে, আমেৰিকাই কৰা এই আক্ৰমণৰ পিছতে আমেৰিকাৰ সংবাদ মাধ্যমতে পেন্টাগনে আক্ৰমণৰ কেইবাখনো ফটো প্ৰকাশ কৰিছিল। তাৰ পৰা এই কথাও স্পষ্ট হৈছে যে, আক্ৰমণ সত্য কিন্তু এই কথাও সত্য যে, আক্ৰমণৰ পৰা বিশেষ ক্ষতিও হোৱা নাছিল। 

স্মৰ্তব্য ইৰাণৰ এই পাৰমাণৱিক কেন্দ্ৰ জাগ্ৰ’ছ পৰ্বতমালাৰ পৰা ১৫০ৰ পৰা ৩০০ ফুট তলত অৱস্থিত। চলিত বৰ্ষৰ আৰম্ভণিতে পেন্টাগনে ফৰ্ড’ৰ ভৌগোলিক অৱস্থানক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। দাবী কৰা হৈছিল এই ঘাটিক ৩০ হাজাৰ পাউণ্ডৰ জিবিইউ-৫৭ বাংকাৰ ব্লাষ্টাৰেৰেও ধ্বংস কৰিব নোৱাৰি। 

একে সময়তে পেন্টাগনৰ দুজন বিষয়াৰ বক্তব্যৰ উদ্ধৃতি দি সংবাদ মাধ্যমে দাবী কৰিছে যে এই আক্ৰমণে ইৰাণৰ পাৰমাণৱিক প্ৰকল্পক কেইমাহমান পিছুৱাই দিব, ইয়াতকৈ বেছি একো নহয়। স্বাভাৱিকতে সেয়ে সমগ্ৰ ঘটনাক লৈ বিতৰ্কই চৰম স্তৰত উপনীত হৈছে।

বিষয়টোৰ ওপৰত হোৱাইট হাউচে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, "এনে বক্তব্যৰে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পক অপমান কৰা হৈছে। ইৰাণত প্ৰৱেশ কৰি আক্ৰমণ কৰা সাহসী পাইলটসকলকো অপমান কৰাৰ প্ৰয়াস। তেওঁলোকে সকলোৱে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ কৰ্তব্য পালন কৰিছিল।" 

আমেৰিকা ড'নাল্ড ট্ৰাম্প ইৰাণ ইজৰাইল যুদ্ধ পাৰমাণৱিক শক্তি