/asomiyapratidin/media/media_files/2025/06/13/DmJnhwfyFnCcaLyDlMQj.jpg)
ডিজিটেল ডেস্কঃ ইৰাণৰ ওপৰত ইজৰাইলে ভয়ংকৰ আক্রমণ কৰাৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি ইৰাণৰ দুটা পাৰমাণৱিক ক্ষেত্র, সেনাৰ ৬টা ঘাটিলৈ মিছাইল আক্রমণ কৰিছে ইজৰাইলে।ইজৰাইলে এই অভিযানৰ নাম দিছিল ‘অপাৰেচন ৰাইজিং লায়ন’।
জানিব পৰা মতে, ইৰাণৰ ৰাজধানী টেহৰাণকে ধৰি কেইবাখনো মুখ্য চৰহত আক্রমণ চলায় ইজৰাইলে। লগে লগে মিছাইল আক্রমণৰে ইজৰাইলক প্রত্যুত্তৰ দিয়ে ইৰাণে। ইফালে এই আক্ৰমণ ঘটনাত ইৰাণৰ সশস্ত্ৰ সেনাৰ মুৰব্বী হোছেইন ছালামী নিহত হোৱা তথ্য পোৱা গৈছে।
সমগ্ৰ ঘটনা সন্দৰ্ভত ইৰাণৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে তথ্য সদৰী কৰিছে। এই আক্ৰমণৰ পিছতে মধ্য ইৰাণৰ নাটাঞ্জ পাৰমাণৱিক কেন্দ্ৰত জুই জ্বলি থকা দেখা গৈছে। উক্ত ঘটনাৰ পাছতে ইজৰাইলে জৰুৰী অৱস্থা ঘোষণা কৰিছে।
আনহাতে এই আক্ৰমণ সন্দৰ্ভত ইজৰাইল চৰকাৰে কয় যে, ইজৰাইলে ইৰাণৰ ওপৰত “আগতীয়া প্ৰতিৰোধমূলক” আক্ৰমণ চলাইছে। যেতিয়ালৈকে প্ৰয়োজন সিমান দিন এই অভিযান অব্যাহত থাকিব।