/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/228efff8-415d-476b-85ed-c1d7db13e311/iq_civil.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : বিগত ২১ অক্টোবৰ, ২০২২ তাৰিখে অসম লোকসেৱা আয়োগ (এপিএছচি)-এ ঘোষণা কৰিলে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা-২০২০ৰ ফলাফল। এপিএছচিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ কামাখ্যা টাৱাৰত অৱস্থিত দিল্লী-ভিত্তিক অসামৰিক সেৱা প্ৰশিক্ষণ প্ৰতিষ্ঠান আইকিউ চিভিলচ আইএএছ একাডেমী (IQ CIVILS IAS Academy)ৰ পৰা মুঠ ২৮ জন প্ৰাৰ্থীয়ে সফলতা অৰ্জন কৰিছে। ইয়াৰে এচিএছত ৭ জন, ৪ জন এপিএছত আৰু বাকীসকল আন সংযুক্ত সেৱা সমূহত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে।
কেন্দ্ৰটোৰ পৰা উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ সফলতাৰ বিষয়ে IQ CIVILS IAS একাডেমীৰ প্ৰতিষ্ঠাপক সঞ্চালক অনুজ সিঙে কয় যে “মই অত্যন্ত সুখী আৰু চূড়ান্ত তালিকাত স্থান লাভ কৰা আমাৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ অত্যন্ত গৌৰৱান্বিত। লগতে এচিএছ আৰু এপিএছৰ দৰে অভিজাত সেৱাত ১০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰাটো আমাৰ বাবে অধিক উৎসাহজনক কথা।”
আইকিউ চিভিলচ আইএএছ একাডেমীয়ে অসামৰিক সেৱাৰ সাক্ষাৎকাৰৰ জৰিয়তে যোৱা ৪বছৰত সমগ্ৰ ভাৰতৰ বিশেষকৈ দিল্লী, হায়দৰাবাদ, পুনে, লক্ষ্ণৌ আদিৰ পৰা বিষয়-বিশেষজ্ঞৰ জৰিয়তে নিৰন্তৰভাৱে উচ্চ মানদণ্ডৰ শিক্ষাদান বৰ্তাই ৰাখিছে। ইয়াৰ উপৰিও, প্ৰতিষ্ঠানটোৱে সম্পূৰ্ণ বিষয়-অনুসৰি কিতাপ, গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বাতৰি-প্ৰবন্ধৰ গভীৰ বিশ্লেষণ, নিয়মীয়া পৰীক্ষা, উত্তৰ আৰু প্ৰবন্ধ লিখাৰ কৌশল আৰু সাক্ষাৎকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
ইতিমধ্যে বিগত ৪ বছৰত প্ৰতিষ্ঠানটোৰ গুৱাহাটী কেন্দ্ৰত ৫০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিছে। লগতে প্ৰতিষ্ঠানটোৱে ২০১৯ চনৰ জানুৱাৰী মাহৰ পৰা গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ সৈতে অসমৰ চাহ বাগিচা অঞ্চলৰ যোগ্যতাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ বাবে ৪টা বিস্তৃত চৰকাৰী কাৰ্যসূচীও ৰূপায়ণ কৰিছে। শেষত অনুজ সিঙে কয় যে “অসম আৰু উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীসকলক আমি ভৱিষ্যতেও উচ্চ মানৰ পাঠদান প্ৰদান কৰি যোৱাৰ চেষ্টা কৰিম আৰু অঞ্চলটোৰ পৰা সম্ভাৱণাপূৰ্ণ আমোলা সৃষ্টি কৰাত সক্ৰিয়ভাৱে অৰিহণা যোগাম।”
উল্লেখ্য যে এপিএছচিৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অসম আৰক্ষী সেৱাত (এপিএছ) ৪১ সংখ্যক স্থান লাভ কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা চাহ বাগিছাৰ শ্ৰমিকৰ সন্তান হৰিচৰণ ভূমিজ IQ CIVILS IAS একাডেমীৰ এজন ছাত্ৰ। তেওঁক বৈকল্পিক বিষয়- সাধাৰণ অধ্যয়ন আৰু ভূগোলত প্ৰতিষ্ঠানটোৱে প্ৰশিক্ষণ দিছিল আৰু লগতে ব্যক্তিগতভাৱেও সাধাৰণ অধ্যয়ন আৰু ভূগোলত অনুষ্ঠানটোৰ সঞ্চালক অনুজ সিঙে পাঠদান কৰিছিল।