/asomiyapratidin/media/media_files/2025/03/30/t65q6jngRNcDiG0Bg7o6.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দ্বিতীয়খন মেচ। ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ হাইভল্টেজ খেলখনক লৈ আগ্ৰহী ক্ৰিকেট প্ৰেমী সকল, কিয়নো গুৱাহাটীত প্ৰথমবাৰলৈ আইপিএল খেলিব মহেন্দ্ৰ সিং ধোনীয়ে।
কিন্তু খেলখনৰ পূৰ্বে টিকত ব্লেক কৰাত নামি পৰিছে একাংশ। জানিব পৰা মতে, বৰ্ষাপাৰাত উজান উঠিছে খেলৰ টিকট ব্লেকাৰৰ। একাংশই টিকটৰ মূল দামতকৈ দুগুণ বেছি মূল্যত টিকট সমূহ বিক্ৰী কৰা বুলি জানিব পৰা গৈছে।
এই ঘটনা পোহৰলৈ অহা পাছতে আৰক্ষীয়ে অভিযান চলাই এজনক আটক কৰে। টিকট বিক্রী কৰি থকাৰ সময়তে আৰক্ষীয়ে আটক কৰা লোকজন অনিল দাস বুলি চিনাক্ত কৰা হৈছে। ফটাশীল আৰক্ষীয়ে আটক কৰিছে ব্লেকাৰজনক।