সমস্যাই লগ এৰা নাই আইপিএলক, বেংগালুৰুৰ আকাশত ক’লা ডাৱৰ

ভাৰত পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে স্থগিত কৰি ৰখা হৈছিল আইপিএলৰ মেচসমূহ। ১৭ মে’ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচ। 

author-image
Asomiya Pratidin
New Update
আজিৰে পৰা আকৌ আৰম্ভ আইপিএল

আজিৰে পৰা আকৌ আৰম্ভ আইপিএল

ডিজিটেল ডেস্কঃ আজিৰে পৰা আকৌ আৰম্ভ হ’ব আইপিএল। ভাৰত পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে স্থগিত কৰি ৰখা হৈছিল আইপিএলৰ মেচসমূহ। ১৭ মে’ত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচ। 

Advertisment

অৱশ্যে সমস্যাই লগ এৰা নাই এই মেচখনক। বেংগালুৰুৰ আকাশত এতিয়া ক’লা ডাৱৰ। আৰচিবি বনাম কেকেআৰ খেলখনত বৰষুণে বিধি-পথালি দিব পাৰে বুলি অনুমান কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰইও জাৰী কৰিছে এলাৰ্ট। যাৰবাবে বেয়া বতৰৰ ফলত মেচখন বাতিল হোৱাৰ সম্ভাৱনাই দেখা দিছে। অৱশ্যে এই মেচখনক লৈ উৎকণ্ঠা কমা নাই ক্ৰীড়ানুৰাগীৰ।

উল্লেখযোগ্য যে, চেন্নাই ছুপাৰ কিংছ (চি এছ কে), ৰাজস্থান ৰয়েলছ (আৰ আৰ) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ) ইতিমধ্যে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছে। অৱশ্যে এতিয়াও ৭টা দলে চাৰিটা প্লে'অফৰ স্থানৰ বাবে যুঁজি আছে। সম্প্ৰতি ১৩খন লীগ মেচ বাকী আছে। এতিয়াৰ পৰা প্ৰতিটো দলৰ বাবে প্ৰতিখন খেলেই গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

আইপিএল