আই পি এল : শক্তিশালী ছানৰাইজাৰ্ছৰ সন্মুখত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শনেৰে বিজয় সাৱ্যস্ত কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখত আজি আন এখন মেচ। বৃহস্পতিবাৰে হায়দৰাবাদৰ ঘৰুৱা খেলপথাৰত দলটো অৱতীৰ্ণ হ’ব লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে।

author-image
Asomiya Pratidin
New Update
আই পি এল

ডিজিটেল ডেস্ক : প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে দুৰ্দান্ত প্ৰদৰ্শনেৰে বিজয় সাৱ্যস্ত কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখত আজি আন এখন মেচ। বৃহস্পতিবাৰে হায়দৰাবাদৰ ঘৰুৱা খেলপথাৰত দলটো অৱতীৰ্ণ হ’ব লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে। 

Advertisment

প্ৰথম মেচতে জয়লাভ কৰি আত্মবিশ্বাসী হৈ থকা পেট কামিন্স নেতৃত্বাধীন দলটোৱে পূৰ্ণ শক্তিৰে নামিব খেলপথাৰত। দলটোত আছে ট্ৰেভিছ হেড, অভিষেক শৰ্মা, ঈশাণ কিষাণৰ দৰে বিস্ফোৰক বেটছমেন। মিডল অৰ্ডাৰত ক্লাছেনৰ দৰে আগ্ৰাসী বেটাৰ। 

উল্লেখযোগ্য যে সুন্দৰ ফৰ্মত থকা এই তিনিওগৰাকী বেটাৰে যিকোনো মুহূৰ্ততে সলাই দিব পাৰে মেচৰ গতি। তাৰোপৰি বলিঙতো আছে ভাৰসম্য। মুঠৰ ওপৰত বেটে- বলে পৰাক্ৰমী এটা দল ছানৰাইজাৰ্ছ।

আনহাতে কোনো গুণে কম নহয় বিপক্ষ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ। দলটোৰ নতুন অধিনায়ক ঋষভ পণ্টে এইবাৰ নতুন উদ্যমেৰে দলক নেতৃত্ব দিছে। শেহতীয়া মেচত সামান্য ভুলৰ বাবে দিল্লীৰ হাতত পৰাস্ত হোৱা লক্ষ্ণৌৱে ভুলৰ পুনৰাবৃত্তি কৰিব নিবিচাৰে। 

ঘৰুৱা খেলপথাৰ আৰু ঘৰুৱা সমৰ্থকৰ সন্মুখত হায়দৰাবাদক পৰাস্ত কৰাটোৱেই এতিয়া মূল লক্ষ্য এল এছ জিৰ। তাৰ বাবে দলটোৱে ৰচনা কৰিছে বিশেষ ৰণনীতি। ট্ৰেভিছ হেড আৰু ঈশান কিষাণৰ বাবে ৰচনা কৰিছে সুকীয়া ৰণনীতি। প্ৰত্যাৱৰ্তনে হ'ব এল এছ জিৰ মূল।

ipl