আই পি এলত আজি হাইভ’ল্টেজ মেচ : চেন্নাইৰ বিৰুদ্ধে ৰণত নামিব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু

পৰিসংখ্যাৰ দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে, আৰ চি বিতকৈ চি এছ কেৰ প্ৰদৰ্শন উন্নত। এতিয়ালৈকে উভয় দলে খেলিছে ৩৩ খন মেচ। ইয়াৰে ভিতৰত ২১খনত জয়ী হৈছে চেন্নাই। বিপৰীতে ১১ খনত জয়ী হৈছে আৰ চি বি। 

author-image
Asomiya Pratidin
New Update
ipl

ডিজিটেল ডেস্ক : আই পি এলৰ মেচ মানেই অনুৰাগীৰ মনত তীব্ৰ উত্তেজনা আৰু উন্মাদনাই বিৰাজ কৰে। তাতে যদি মেচখন হাইভ’ল্টেজ হয়, তেন্তে সেই উত্তেজনা হৈ পৰে দুগুণ। 

Advertisment

আজি তেনে এখন মেচই অনুষ্ঠিত হ’ব এম এ চিদম্বৰম ষ্টেডিয়াম চমুকৈ চেপকত। ৫ বাৰৰ চেম্পিয়ন চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে ৰণত নামিত অন্যতম শক্তিধৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। 

পৰিসংখ্যাৰ দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে, আৰ চি বিতকৈ চি এছ কেৰ প্ৰদৰ্শন উন্নত। এতিয়ালৈকে উভয় দলে খেলিছে ৩৩ খন মেচ। ইয়াৰে ভিতৰত ২১খনত জয়ী হৈছে চেন্নাই। বিপৰীতে ১১ খনত জয়ী হৈছে আৰ চি বি। 

এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, উভয় দলতে আছে তাৰকা- মহাতাৰকা সদৃশ খেলুৱৈ। চেন্নাইত যদি মহেন্দ্ৰ সিং ধোনী, তেন্তে আৰ চি বিত আছে আনগৰাকী মহাতাৰকা বিৰাট কোহলি। এই দুয়োগৰাকী মহাতাৰকাৰ আছে অসংখ্য অনুৰাগী। সেয়ে চেন্নাই আৰু আৰ চি বিৰ মেচ মানেই উত্তেজনা আৰু উন্মাদনাৰে ভৰপূৰ মেচ বুলি ইতিমধ্যেই বিবেচিত হৈছে।

তাৰোপৰি চেন্নাই হৈছে ৰবীন্দ্ৰ জাডেজা, ৰুতুৰাজ গাইকোৱাড়, ডেভিড কন’ৱে, ৰাহুল ত্ৰিপাঠী, ৰাচীন ৰবীন্দ্ৰ, অশ্বিন আদিৰ দৰে তাৰকাসম্বৃদ্ধ দল। আনহাতে কোনো গুণে কম নহয় ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। বিৰাট কোহলিৰ উপৰি দলত আছে অধিনায়ক ৰজত পাটিদৰ, টিম ডেভড, দেৱদত্ত পাডিকল, ফিল ছল্ট, হেজেলউড, ক্ৰুণাল পাণ্ডিয়া, লিভিংষ্টন আদিৰ কৰে তাৰকা ক্ৰিকেটাৰ।

virat kohli ipl chennai super kings MS Dhoni Royal Challengers Bangalore