/asomiyapratidin/media/media_files/2025/03/22/pOt668kLJysUHpTl4D8i.jpg)
ডিজিটেল ডেস্ক : ক্ৰিকেট ভাৰতবাসীৰ বাবে কেৱল খেলেই নহয়, ইয়াক ধৰ্ম হিচাপেও গন্য কৰে অনুৰাগীয়ে। ক্ৰিকেটক লৈ চলে আলোচনা- সমালোচনা।
ক্ৰিকেট বুলিলে দুগুণে বৃদ্ধি পায় উত্তেজনা- উন্মাদনা। এনেই বুঢ়ী নাচনী হোৱা দি নাচি উঠে সকলোৰে মন- প্ৰাণ। তাতে আকৌ আই পি এল বুলি ক’লে সকলোৰে মন হয় সাতখন- আঠখন ! মুঠৰ ওপৰত ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈ পৰে সকলোৱে।
ক্ৰিকেটক ধৰ্মজ্ঞান কৰা এই দেশত আজিৰে পৰা হ’ব আই পি এল মহাযজ্ঞ। এই যজ্ঞৰ শুভাৰম্ভণি হ’ব ভাৰতীয় ক্ৰিকেটৰ মক্কা স্বৰূত ইডেন গাৰ্ডেনত। আড়ম্বৰপূৰ্ণ প্ৰস্তুতিৰে অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ উদ্বোধনী মেচ।
এই মেচত ভাগ ল’ব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ আৰু তাৰকাসম্বৃদ্ধ দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। সন্ধিয়া ৭-৩০ বজাত আৰম্ভ হ'ব আই পি এলৰ মেচ। পিটছত পৰিব প্ৰথমটো বল।
ইতিমধ্যে আজিৰ এই মেচখনক লৈ উভয় দলে ৰচিছে বিশেষ ৰণকৌশল। ঘৰৰ মাটিত আৰ চি বিক পৰাস্ত কৰাই হ’ব কলকাতাৰ মূল লক্ষ্য। জয়ৰে অভিযান আৰম্ভ কৰিব বিচাৰে ঘৰুৱা দলটোৱে। একেদৰে প্ৰতিপক্ষ কে কে আৰক সহজভাৱে নলয় আৰ চি বিয়ে।
দলৰ নতুন বেটিং প্ৰশিক্ষক দীনেশ কাৰ্তিক , নতুন অধিনায়ক ৰজত পাটিদৰে ৰচনা কৰিছে কে কে আৰ বধৰ ৰণকৌশল। ন -উদ্যেমৰে, ন- সাঁজেৰে এইবাৰ অভিযানত নামিব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। মুঠৰ ওপৰত আজিৰ এই মেচৰ দিনাৰ পৰাই প্ৰায় দুমাহ ধৰি থাকিব একেই উন্মাদনা, একেই উত্তেজনা। চাৰিওফালে কেৱল এটা ধ্বনি ৰিণি ৰিণি বাজিব- ক্ৰিকেট ক্ৰিকেট আৰু ক্ৰিকেট...।