আহমেদাবাদত আজি গুজৰাটৰ সন্মুখত ৰাজস্থান ৰয়েলছ

আন এক অঘটন ঘটোৱাৰ লক্ষ্যৰে আজি গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৰাজস্থান ৰয়েলছ। সম্প্ৰতি অন্য এক ধুমুহাৰ নাম হৈছে প্ৰাক্তন চেম্পিয়ন ৰাজস্থান। চলিত আই পি এলত দুখন মেচত পৰাস্ত হোৱাৰ পাছৰে পৰা অধিক আগ্ৰাসী

author-image
Asomiya Pratidin
New Update
RR VS GT

ডিজিটেল ডেস্ক : আন এক অঘটন ঘটোৱাৰ লক্ষ্যৰে আজি গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৰাজস্থান ৰয়েলছ। সম্প্ৰতি অন্য এক ধুমুহাৰ নাম হৈছে প্ৰাক্তন চেম্পিয়ন ৰাজস্থান। চলিত আই পি এলত দুখন মেচত পৰাস্ত হোৱাৰ পাছৰে পৰা অধিক আগ্ৰাসী হৈ পৰিছে দলটো।

Advertisment

ইয়াৰ প্ৰমাণ গুৱাহাটীত চেন্নাইয়েৰে হোৱা মেচখনতে দি থৈছে। একেদৰে শেহতীয়াকৈ শক্তিশালী পঞ্জাৱ কিংছৰে হোৱা মেচতো দমনীয় প্ৰদৰ্শন দাঙি ধৰি বিজয় সাৱ্যস্ত কৰিছিল সঞ্জু ছেমনছন নেতৃত্বাধীন দলটোৱে। অৱশ্যে সেই কথা এতিয়া অতীত।

গুজৰাটৰ গৃহচহৰ আহমেদাবাদত পৰাস্ত কৰাই এতিয়া মূল লক্ষ্য ৰাজস্থানৰ। বেটিং- বলিং আৰু ফিল্ডিং এই তিনিওটা দিশতে শক্তিশালী ৰাজস্থান ৰয়েলছ। দুৰ্দান্ত ফৰ্মত আছে জয়ছোৱাল, অধিনায়ক সঞ্জু ছেমনছন, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল আদিৰ দৰে আগশাৰীৰ বেটাৰ।

শেষৰ ফালে জোফ্ৰা আৰ্চাৰ, হেটমেয়াৰো কোনো গুণে কম নহয়। অনাসয়ে মেচৰ ৰূপ সলনি কৰি দিব পৰা ক্ষমতা আছে দুয়োৰে। গতিকে আজিৰ এই মেচত শুভমন গীল নেতৃত্বাধীন গুজৰাট টাইটানছে প্ৰতিপক্ষ ৰাজস্থানক সহজভাৱে নোলোৱাটোৱেই মংগল !

ইফালে শক্তিৰ দিশৰ পৰা গুজৰাটো কম নহয়। দলটোত আছে জ’ছ বাটলাৰ, গুভমন গীল, ছাই সুদৰ্শন, শ্বাহৰুখ খান আদিৰ দৰে বেটাৰ। বলিঙতো আছে ভাৰসম্য। দীৰ্ঘদেহী ঈশান্ত শৰ্মা, মহম্মদ ছিৰাজ, ৰছিদ খান আদিৰ দৰে বলাৰ।

ipl rajasthan royals