বিৰাট খং! খেলপথাৰৰ ডাষ্টবিন ঘোচা মাৰি উফৰাই দিলে কোহলীয়ে...VIDEO

বিৰাট খং! খেলপথাৰৰ ডাষ্টবিন ঘোচা মাৰি উফৰাই দিলে কোহলীয়ে...VIDEO

ডিজিটেল ডেস্কঃ বহু সময়ত বিৰাট কোহলীয়ে নিজৰ খং সংযম কৰিব নোৱাৰে। যাৰ বাবে বহু সময়ত অনাহক কিছু পৰিস্থিতিৰো উদ্ভৱ হোৱা দেখা যায়। পূৰ্বৰ দৰেই পুনৰ নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব নোৱাৰি একেটা ভুলকেই কৰিলে বিৰাট কোহলীয়ে।

দেওবাৰৰ কথা। আই পি এলত কলকাতা নাইট ৰাইৰ্ডছৰ হাতত ১ৰাণত পৰাজিত হৈছিল বাংগালুৰু। বিৰাট কোহলীক আম্পায়াৰে আউট ঘোষণা কৰাৰ পাছতে উগ্ৰৰূপ ধাৰণ কৰা দেখা গল খেলুৱৈ গৰাকীক। দৰাচলতে, মেচখনত ৩নং অভাৰত হৰ্ষিত ৰাণাৰ ফুলটচ বলটো অনিয়ন্ত্ৰিতভাৱে বিৰাটে কোবোৱাৰ ফলত কেটচ গৈ পৰিছিল বিৰোধী খেলুৱৈৰ হাতত।

আউট হোৱাৰ পাছতে বাংগালুৰুৰ তৰফৰ পৰা এই বলটো ককালৰ ওপৰলৈ উঠিছিল বুলি এটা ৰিভিউ লৈছিল। কিন্তু থাৰ্ড আম্পায়াৰে এই দাবী নস্যাত কৰে। এই সিদ্ধান্তত কিছু অসন্তুষ্ট হৈ আম্পায়ৰৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হৈছিল কোহলী। খেলপথাৰৰ পাৰ বাহিৰলৈ ওলাই যোৱাৰ সময়ত কোহলীয়ে হাতত থকা বেটখন মাটিত থেকেচি দিয়াৰ উপৰি হাতেৰে ঘোচা মাৰি খেলপথাৰৰ কাষত থকা এটা ডাষ্টবিনো উফৰাই পেলায়।

https://twitter.com/i/status/1782057557869338688

কোহলীৰ এই অসংযত আচৰণ লৈ ইতিমধ্যে সামাজিক মাধ্যমত তীব্ৰ চৰ্চা হৈছে। ভদ্ৰলোকৰ খেল বুলি ক্ৰিকেটক অভিহিত কৰা হয় যদিও এগৰাকী অভিজ্ঞতাসম্পন্ন খেলুৱৈৰ এয়া কি আচৰণ বুলিও একাংশ নেটিজেনে প্ৰশ্ন উত্থাপন কৰিছে। দেওবাৰৰ খেলখনত ৭টা বলত ১৮ৰাণ কৰি আউট হৈছিল কোহলী। বিৰাটৰ এই আচৰণৰ বাবে বি চি চি আয়ে কঠোৰ ব্যৱস্থাও লোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in